newsnextone.com | গুৱাহাটীঃ এনআৰচিৰ সম্পৰ্ণ খচৰা প্ৰকাশ কৰাৰ পিছতে দেশত আৰম্ভ হৈছে লেতেৰা ৰাজনীতি। ৩০ জুলাইৰ পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।
অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। ৪০ লাখ লোকে বাদ পৰা খবৰ প্ৰচাৰ হোৱাৰ পিছতে দেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লগে লগে দেশৰ বিজেপি বিৰোধী দলে ভোটৰ ৰাজনীতি আৰম্ভ কৰিছে। দেশৰ প্ৰায় কেইটা দলে দুয়ো সদন উত্তাল কৰাৰ লগতে সংসদ ভৱনৰ সন্মুত প্ৰতিবাদ সাব্যস্ত কৰে।