কোকৰাঝাৰঃ বিটিএডিৰ ২০১৭- ১৮ বিত্তীয় বৰ্ষৰ বাবে ২৫৭৬ কৌটি ২৭ লাখ ৫১ হেজাৰ টকাৰ বাজেটখন আজি বিটিএডি বিধান পৰিষদীয় সদনত গৃহীত হয় ৷ উল্লেখ্য যে, বিটিএডিৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কালি বিটিএডিৰ ৩৯টা বিভাগৰ বাবে মুঠ ২৫৭৬ কৌটি ২৭ লাখ ৫১ হেজাৰ টকাৰ বাজেট দাখিল কৰিছিল ৷
আজি বাজেট অধিৱেশনৰ অন্তিম দিনা বিটিএডি বিধান পৰিষদীয় সদনত বাজেটৰ ওপৰত বিতংভাৱে আলোচনা কৰাৰ অন্তত সদনৰ সৰ্বসন্মতি মৰ্মে উক্ত বাজেট খন গৃহীত কৰা হয় ৷ বিটিএডিৰ ২০১৭ – ১৮ বৰ্ষৰ বাবে গৃহীত বাজেট খনত কৃষিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপৰে ক্ষুদ্ৰ জলসিঞ্চনত সৰ্বাধিক ১০৬২৫৫.৭২ লাখ টকা ধাৰ্য কৰা হৈছে ৷ ইয়াৰোপৰি ডব্লিউ পি টি আৰু বি চি বিভাগত ৬৫৬৫৫ . ০৯ লাখ, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১৩২২৩.০০ লাখ , শিক্ষা শিতানত ১০৯১৩.৭৬ লাখ , সমাজ কল্যানত ১০০৩৪.৫৩ লাখ , বিটিচি প্ৰশাসনত ৭৩৬৭.৫৫ লাখ , বন বিভাগত ৫০৮৪.৮৫ লাখ , গড়কাপ্তানি (পথ)ত ৪৩৩২.০০ লাখ , ভূমি ৰাজহত ৩৭৫০.০০ লাখ , স্বাস্থ্য অাৰু পৰিয়াল কল্যাণত ২৭০৫ লাখ , চহৰ উন্নয়নত ২২৫৫.০০ লাখ , নিয়োগত ৩৫ লাখ ,খেল অাৰু যুব কল্যানত ৫০০ লাখ টকা ধাৰ্য কৰা হৈছে ৷