কোকৰাঝাৰঃ বিটিএডিত ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা সন্দৰ্ভত বিটিচিয়ে গ্ৰহণ কৰা খছৰা প্ৰস্তাৱৰ পিছেতই উদ্ভৱ হোৱা অগ্নিগৰ্ভ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰিছে।শুকুৰবাৰে অবড়ো সুৰক্ষা সমিতিয়ে বিটিচি চুক্তি পুনৰীক্ষণৰ দাবীত আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাতে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত ইউনাইটেড অৰ্গেনাইজেচন কৰ্ডিনেচন কমিটিৰ নেতৃবৰ্গৰ সতে এক আলোচনাত মিলিত হয়।
ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ অন্তৰ্গত কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ নাথ যোগী ছাত্ৰ সন্থা, সদৌ আদিৱাসী ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা আৰু সদৌ চাওতাল ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গৰে শুকুৰবাৰে ১১:৩০ বজাৰ পৰা বিটিচি সচিবালয়লৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা বৈঠকত সকলো দল সংগঠনৰ নেতৃবৰ্গই তথা ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে ভূমি অধিকাৰ অক্ষুণ্ণ থকাৰ দাবী উত্থাপন কৰি বিটিচিত ৰাজনৈতিক অধিকাৰৰ দাবী তুলে৷