কোকৰাঝাৰঃ জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নহয়। ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে অজনজাতিসকলে আন অজনজাতিসকলৰ লগত ভূমি কিনা বেচা কৰিব পাৰে। এয়া সংবিধানপ্ৰদত্ত নিয়ম।
এই মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। একাংশ সংবাদ মাধ্যমত বিটিএডিত ভূমিৰ অধিকাৰ হেৰুৱাব অবড়োৱে বুলি প্ৰকাশিত বাতৰিৰ আঁত ধৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। নিজ স্থিতিত অটল থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে সংবিধান সংশোধন নকৰালৈকে এনে নিয়মে বাহাল থাকিব আৰু প্ৰতিবাদ-ধৰ্ণাই কোনো ধৰণৰ প্ৰভাৱ নেপেলাব। প্ৰতিবাদী কাৰ্যসূচী ললে দিল্লীত লওঁক আৰু কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সংসদত আইন সংশোধনৰ বাবে চেষ্টা কৰক বুলি তীৰ্যক মন্তব্য কৰি মহিলাৰীয়ে ট্ৰাইবেল বেল্ট আৰু ব্লকত অজনজাতিয়ে জনজাতিৰ ভূমি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।