কোকৰাঝাৰঃ সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰতো উদযাপন কৰা হয় ৭১ তম স্বাধীনতা দিৱস। কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত প্ৰতিকূল বতৰকো নেওচি উদযাপিত হোৱা ৭১ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
পতাকা উত্তোলনৰ পিছতে আৰক্ষী, এনচিচি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিৱাদন গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে নিজ ভাষণত শ্বহীদৰ আত্মত্যাগক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ, একতা আৰু মিলাপ্ৰীতিৰে সমাজ গঢ়াৰ আহ্বান জনাই উন্নয়নৰ দিশে ধাৱমান হ’বলৈ আহ্বান জনায়।