ওদালগুৰিঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব পূৰ্বে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা বিটিচি অঞ্চলৰ ২৩খন মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ। পৰীক্ষাৰ পূৰ্বে আশংকাত ভুগিছে স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ্থীসকল। বডোলেণ্ড বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিসংগতিৰ বাবে পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
বছৰজোৰা বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়ণ কৰি বৃহস্পতিবাৰে পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ নাম এডমিট কাৰ্ডত প্ৰত্যক্ষ কৰি পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত চিন্তিত হৈ পৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী। কিন্তু ইয়াৰ পাছত মহাবিদ্যালয় সমূহৰ কৰ্তৃপক্ষই কিছুমান বিষয়ৰ পৰীক্ষা পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে যদিও শিক্ষাৰ্থীসকলৰ মনত থাকি যায় আশংকা।