কোকৰৰাঝাৰঃ কালাৰ্চ টিভিৰ ৰাইজিং ষ্টাৰ ৰিয়েলিটি শ্বৰ ছয় ফাইনেলিষ্টৰ এগৰাকী নিকিতা বড়োক আজি সম্বৰ্ধনা জনায় বিটিচি প্ৰশাসনে। বি টি চিৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আজি বি টি চিৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু কাৰ্য্যবাহী সদস্য বনজাৰ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত নিকিতা বড়োক বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে শিল্পীগৰাকীক উষ্ম সম্বৰ্ধনা জনাই পাঁচ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে আৰনাই, ফুলৰ থোপা আৰু মানপত্ৰ প্ৰদান কৰে।
কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় প্ৰেক্ষাগৃহত আয়োজিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত বিটিচি প্ৰশাসনৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি নিকিতা বড়োই সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি শিল্পীগৰাকীয়ে মঞ্চত অসমীয়া, বড়ো আৰু হিন্দী গীত গাই শুনায়।