মুখ্যমন্ত্ৰী মহাশয়লৈ মুকলি চিঠি

তাৰিখ: ১২-০২-২০১৭

মুখ্যমন্ত্ৰী মহাশয়,
     

নমস্কাৰ গ্ৰহণ কৰিব। ধৃষ্টতা নোহোৱা সত্বেও উপায়ন্তৰ হৈ কিম্বা ক্লান্ত হৈ আমি বিটিচিত টেট শিক্ষকবৃন্দই একলম লিখিলো, ভুল হ'লে মাৰ্জনা কৰিব। প্ৰসংগক্ৰমে বিটিচি পৰিষদৰ কৃপাত ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে আমি টেট শিক্ষকৰ নিয়ুক্তি পত্ৰ লাভ কৰিলো। তৎস্বত্বেও দুখৰ বিষয় যে আমি নিষ্ঠাৰে কৰ্তব্য কৰি যোৱাৰ পিছতো আজি পৰ্যন্ত প্ৰায় ২০ মাহ ধৰি দৰমহাৰ ধনৰাশি নাপালো, যাৰ পৰিণতিত আমাৰ চাৰিজন সতীৰ্থই আৰ্থিক সংকটত ভুগি প্ৰাণত্যাগ কৰিলে, কোনোজনে পেটৰ তাড়নাত দৈনন্দিন দিন-হাজিৰা কাম কৰি এবেলা পেট পূৰাইছে। আমি সকলো বিটিচি টেট শিক্ষকবৃন্দই বৰ্তামান 'অভাৱ ৰোগত’ মাৰাত্মক ভাৱে আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাৰ উপক্ৰম হৈছো। মহাশয় আপুনিয়েই আমাৰ শেষ ভৰসা কিম্বা প্ৰাণকেন্দ্ৰ স্বৰূপ। সেয়ে আমাক উদ্ধাৰ কৰক। নিম্নলিখিত কথাবোৰ সুক্ষ্ম দৃষ্টিৰে চাই ন্যায়ৰ আওতালৈ আনি আমাক এক ইতিবাচক সঁহাৰি জনাওঁক মহাশয়।

(ক) সকলো বিষয়াৰ মৌন নীতিৰ পৰিণতিত, আমি স্বচ্ছতাৰে টেট উত্তীৰ্ণ হৈ নিযুক্তি পোৱাৰ পিছতো ২০ মাহৰ দৰমহা পাবলৈ সক্ষম নহ’লো।

(খ) শিক্ষামন্ত্ৰী মহাশয়ক আমাৰ সমস্যাটো অৱগত কৰিলে বিটিচি চীফ ডাঙৰীয়ালৈ আঙুলিয়াই দিয়ে আৰু বিটিচি চীফ মহাশয়ে শিক্ষামন্ত্ৰীলৈ আঙুলিয়াই, যাৰ পৰিণতিত আমি চৰকাৰী মেৰপাকৰ আওভাও নুবুজি অসহায়, নিৰুপায় হৈ ক্লান্ত হৈ পৰিছোঁ।

(গ) একে নীতি-নিয়মৰে টেট পাছ কৰি নিযুক্তি পোৱা বাকী টেট শিক্ষকসকলে সকলো সুবিধা পায়, কিন্তু আমি তাৰ সামান্য অংশৰ সহাৰিও পৰিষদ বা অসম চৰকাৰৰ পৰা নাপাওঁ ।

(ঘ) বিটিচি পৰিষদে আমাক কৃপা কৰি নিযুক্তি দিলেওঁ দৰমহা দিব নোৱাৰাৰ কাৰণ হিচাপে, আপোনাৰ চৰকাৰে পৰ্যাপ্ত পৰিমাণে পৰিষদক সহায় নকৰা বুলি স্পষ্টীকৰণ দিয়ে মাথোন। পৰিণতিত আমি বাৰম্বাৰ অৱহলিত হৈ ৰওঁ।

(ঙ) R.T.E এক্টমতে SSA  পোষ্টত, আমাক উন্নীতকৰণ কৰিব নোৱাৰিলেওঁ, স্কলাৰশ্বিপ লেখীয়া নিৰ্ধাৰিত মাহে  ৮০০০ ( আঠহাজাৰ) টকা পাৰিশ্ৰমিকৰ ধনৰাশি দিব নোৱাৰাৰ কি অৱকাশ থাকিব পাৰে, সেয়া  বুজিবলৈ আমি অপাৰগ।

সদৌশেষত আমাৰ ভাতমুঠি মুকলি কৰি দিবলৈ আমি বিটিচি টেট শিক্ষকবৃন্দই আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো তথা আপোনাৰ দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ নাম ললো।
                                    

ইতি 
বিটিচি টেট শিক্ষকবৃন্দৰ হৈ

নিপন শইকীয়া, তিলক কলিতা, অভিজিত আৰ্য্য, অৰূপজোতি শইকীয়া, জয়প্ৰকাশ বৰুৱা, পৱিত্ৰ বড়ো, সেব্যজ্যোতি শৰ্মা, অপূৰ্ব মেধি