কোকৰাঝাৰঃ কোকৰাঝাৰৰ নিকটৱৰ্তী দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি নৱাগত অাদৰণি সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰনছাই খুংগুৰ মুছাহাৰীয়ে অাঁতধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ উন্নয়ন সভাৰ সঞ্চালক হৰেকৃষ্ণ শাহুয়ে সভাপতিত্ব কৰে।
আজি নৱাগতা অাদৰণি সভাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ তদুপৰি অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আলফা নেতা তথা উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেটিয়াও উপস্থিত থাকে৷ অনুষ্ঠানটোত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱা, পঞ্জীয়ক বিষয়া ড০ শেখৰ ব্ৰহ্ম আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলৰ উপৰিও ছাত্ৰ- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।