ঢেকীয়াজুলিঃ বৌদ্ধধর্মৰ প্রতিষ্ঠাতা গৌতম বুদ্ধই ভোগবাসনা পৰিহাৰ কৰি তপস্যাৰ জৰিয়তে অহিংস পন্থাৰ শিক্ষা দিছিল৷ ঐক্য, সংহতি আৰু শান্তিৰ বাণীৰে হৃদয় জয় কৰাৰ বুদ্ধৰ আহ্বানক আজি গোটেই পৃথিৱীয়ে আকোৱালি লৈছে ৷ সন্ন্যাসী বুদ্ধই প্ৰতিষ্ঠা কৰা বুদ্ধ ধৰ্মই সম্যক সংকল্প, সম্যক বাক, সম্যক আচৰণ, সম্যক জীৱনধাৰণ, সম্যক মনন, সম্যক ধ্যানৰ বাণী বিলাই আহিছে জগতত৷
বুদ্ধং শৰণং গচ্ছামি মন্ত্ৰৰে গুম গুমাই পৃথিৱী৷ ‘বুদ্ধং শৰণং গচ্ছামি, ধম্মং শৰণং গচ্ছামি’ মন্ত্ৰৰে গুম গুমাব শোণিতপুৰ জিলাও৷ দুখ, দুখৰ কাৰণ দুখ নিৰ্বাপণ কৰাৰ মহৎ জীৱন দৰ্শনৰ নীতিৰে মানুহক জড়িত কৰাৰ উদ্দেশ্যে বৰছলা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ শিঙৰী পাহাৰত মঙলবাৰে অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ টেনজিং নৰ্বু থাংডুক উপস্থিত হৈ বৌদ্ধ ধৰ্মীয় পৰম্পৰাৰে পূজা-অৰ্চনা কৰে৷