newsnextone.com | ডিব্ৰুগড়ঃ যোৱা ১৬ জুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ দুলীয়াজানত অনুষ্ঠিত এখন গণ সমাবেশত অংশ লৈ অখিল গগৈয়ে সোণোৱাল কছাৰীসকলৰ বিৰুদ্ধে মন্তব্য প্ৰকাৰ কৰা বুলি সোণোৱাল কছাৰী যুৱ মঞ্চ নামৰ এটা সংগঠনে অভিযোগ উত্থাপন কৰিছিল৷
সোণোৱাল কছাৰী জাতিটোক লক্ষ্য কৰি মন্তব্য আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে একপ্ৰকাৰ উচিত প্ৰত্যুত্তৰ দিলে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই৷ সোমবাৰে ডিব্ৰুগড় চহৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত গণ সমাবেশত অখিল গগৈ বহি থকা মঞ্চত ভাষণ প্ৰদান কৰি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালে অখিল গগৈ সোণোৱাল বিৰোধী নহয় বুলি স্পষ্ট কৰে৷