নতুন দিল্লীঃ প্ৰতিৰক্ষা ক্ষেত্ৰত বাজেটৰ পৰিমাণ ২.৭৪,০০০ কোটিলৈ বৃদ্ধি কৰা হৈছে বিত্তমন্ত্ৰী অৰুণ জেটলিৰ কেন্দ্ৰীয় বাজেট ২০১৬-১৭ত। ইয়াৰে ৮৬ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব সুৰক্ষা ক্ষেত্ৰৰ আহিলা-পাতি ক্ৰয় কৰাৰ বাবে। কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ভ্ৰমণৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জেটলিয়ে ঘোষণা কৰে যাৰ জৰিয়তে সৈনিকে অনলাইন টিকট বুক কৰিব পাৰিব। তদুপৰি এক বিস্তৃত ৱেবভিত্তিক প্ৰতিৰক্ষা পেঞ্চন বিতৰণ ব্যৱস্থাও কৰা হৈছে বুলি জেটলিয়ে কয়। উল্লেখ্য যে বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ এইবাৰৰ বাজেট ১১ শতাংশ বৃদ্ধি হৈছে। মূদ্ৰীস্ফীতিৰ সৈতে যুঁজ দিয়াৰ বাবে এইবাৰৰ বাজেট ১০ শতাংশ বৃদ্ধি কৰিব লাগিব বুলি বিশেষজ্ঞই মত প্ৰকাশ কৰিছিল।
75
previous post
কৃষকলৈ সুখবৰ, ১০ লাখ কোটিৰ কৃষিঋণ
next post