65
ডিজিটেল ডেস্কঃ অৰুণ জেটলীৰ বাজেটত অসমৰ বাবে বিশেষ একো নাই। এই কথা এতিয়া চৰ্চাৰ বিষয়। নমামি গংগা, বদোদৰাত ৰেল বিশ্ববিদ্যালয়ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰা হ’ল যদিও অসম তথা উত্তৰ পূৰ্বাঞ্চল বাবে বিশেষ পেকেজ নতুবা আঁচনি ঘোষণা নকৰাত বাজেটে অসমক কি দিলে তাক লৈ চৰ্চা আৰম্ভ হৈছে৷
ৰাজ্য খনৰ ভয়াবহ সমস্যা যেনে গৰাখহনীয়া, পথৰ উন্নয়ন, নিৱনুৱা সমস্যা, বান পানী সমস্যা সমাধান তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া উদ্যোগনীতিৰ কথা উল্লেথ নকৰিলে বাজেটত৷