58
ধিংঃ দাউদাউকৈ জ্বলি উঠিল এখন ঘৰ৷ নিমিষতে জ্বলি ছাই হৈ গ’ল সকলো৷ পৰিয়ালৰ আৰু ৰাইজৰ মাজত হুৱাদুৱা পৰিস্থিতি৷ মৰমৰ ঘৰখনৰ ঠাইত মাথো পৰি ৰ’ল এসোপা ছাই৷
সোমবাৰে ৰাতি নগাঁও জিলাৰ ৰাইডঙীয়াৰ নতুন ভোগবাৰী গাঁৱৰ টংক শইকীয়া নামৰ লোকজনৰ ঘৰত ঘটিল এই অঘটন৷ দিনটোৰ কৰ্ম ব্যস্ততাৰ শেষত নিশা ভাগৰৰ টোপনি৷ তেতিয়াই কৃষক পৰিয়ালটোৰ সাঁচি থোৱা খেৰৰ মেজীটোত জুই লাগে৷ আৰু তাৰ পাছতেই সেই জুই ঘৰলৈকো শিপায়৷