78
চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি মঞ্জুশ্ৰী চাহ বাগিছাৰ লালটি লাইনৰ দোকানত অগ্নিকাণ্ড সংঘটিত হৈ ভস্মীভূত হ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি৷
ঘটনা অনুসৰি আজি পুৱতি নিশা উক্ত অঞ্চলৰ দশৰথ নন্দ নামৰ দোকানীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে৷ যাৰ ফলত দোকানখনত থকা প্ৰায় ৫ লাখ টকাৰ সা-সামগ্ৰী জ্বলি ছাই হৈ পৰে৷