খাৰুপেটীয়াঃ দিনৰ দিনটো দোকানসামগ্ৰী বিক্ৰী কৰি নিশা প্ৰায় ৮ বজাত ঘৰলৈ গৈছিল কিশোৰগৰাকী৷ নিশাৰ আহাৰ গ্ৰহণ কৰি পুণৰ দোকানলৈ আহি অইন দিনাৰ দিনা সোমবাৰে নিশা দোকানৰ ভিতৰত শুইছিল কিশোৰগৰাকীয়ে৷ হয়তো তেও তেতিয়া গভীৰ তোপনিত লালকাল হৈ আছিল৷ তেওঁ চাগে গমেই পোৱা নাছিল সেই নিশাই মৃত্যুৱে তেওঁৰ বাবে ৰৈ আছিল৷
নিশা প্ৰায় ১১.৩০ বজাত দাউ দাউকৈ জ্বলিছিল তেওঁ শুই থকা দোকান খন৷ হয়তো তেও জুই চৌদিশে আৱলি ধৰাৰ পিছতে তেওঁ অৱগত হৈ ওঁলাবলৈ চেষ্টা কৰিছিল৷ চেষ্টা কৰি হয়তো চটফটাই বাহিৰলৈ ওঁলাই আহিবলৈ চেষ্টা কৰিছিল৷ সেয়া তেওঁৰ বাবে সম্ভৱ নহ’ল৷