বোকাজানঃ অগ্নিকাণ্ড সংঘটিত হৈ এখন বিদ্যালয় ভস্মীভূত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলং জিলাৰ বোকাজানত৷ জানিব পৰা মতে, বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত মাটিপুলৰ চেইণ্ট মেৰী নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ দহটাকৈ কোঠালী জুইত জাহ যায়৷ ২০১২ চনত স্থাপন কৰা বিদ্যালয়খনৰ যোৱা মঙলবাৰে সমাপ্ত হৈছিল বিদ্যালয় ক্ৰীড়া সমাৰোহ৷ তাৰ পিছতে বুধবাৰে হঠাৎ অগ্নিকাণ্ড সংঘটিত হৈ স্কুল খন ভস্মীভূত হোৱাৰ ঘটনাক সহজে ল’ব পৰা নাই ৰাইজে৷
উল্লেখ্য যে, পথৰ দাতিৰ বিদ্যালয় খন বুধবাৰে পুৱা জ্বলি থকা প্ৰত্যক্ষ কৰি পথেৰে আহ-যাহ কৰাৰ লোকে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহে আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত জুই নুমুৱাবলৈ চেষ্টা কৰে৷ বোকাজান নগৰস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ কোঠা, শিক্ষকসকলৰ কোঠা, কাৰ্যালয় কক্ষৰ লগতে ৬ টাকৈ শ্ৰণী কোঠা অগ্নিকাণ্ডত জাহ যায়৷