শিমলুগুৰিঃ নাজিৰা মহকুমাক গুটখা মুক্ত কৰি নতুন প্ৰজন্মক গুটখা জাতীয় দ্ৰব্য সেৱনৰ পৰা আঁতৰাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নাজিৰা মহকুমা ছাত্ৰ সন্থাই বিভিন্ন সময়ত মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক দাবী কৰি অহাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত আজি সংগঠনটোৱে নিজাববীয়া গুটখা বিৰোধী অভিযান চলায়।
আজি নাজিৰা মহকুমাৰ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই শিৱসাগৰৰ পৰা বিহুবৰলৈ গোপনে কঢ়িয়াই অনা লক্ষাধিক টকা মূল্যৰ গুটখা জব্দ কৰি জ্বলাই দিয়ে। নাজিৰা মহকুমা ছাত্ৰসন্থাৰ উপদেষ্টা আৰু সভাপতি ক্ৰমে পৰাগ দত্ত আৰু মানৱ হাজৰিকাই জানিবলৈ দিয়া মতে বিহুবৰৰ এটা ব্যৱসায়ী চক্ৰই দৈনিক লক্ষ লক্ষ টকাৰ গুটখা সৰবৰাহ কৰি বিহুবৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত গুটখাৰ ব্যৱসায় কৰি আহিছে।