গোৰেশ্বৰঃ ঠিকাদাৰৰ মইমতালিত ৰাজপথলৈ ওলাব নোৱাৰা হৈছে মানুহ। ধূলিৰ প্ৰকোপত মুখত কাপোৰ বান্ধি ঘৰৰ পৰা ওলাব লাগে মানুহ। ৰ’দ দিলে ধূলি, আকৌ বৰষুণ দিলে পানী আৰু বোকাৰ প্ৰকোপত মানুহ এতিয়া ঘৰৰ পৰা ওলাবলৈ যেন ভয় হে কৰে। বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰিজুলি গড়কাপ্তানি পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ মইমতালিত এতিয়া অতিষ্ঠ হৈ পৰিছে হাজাৰ হাজাৰ লোক৷
প্ৰায় ৫০ কিঃ মিঃ দৈৰ্ঘ্যৰ পথটো এবছৰ পূৰ্বে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ প্ৰভু আগৰৱালাই পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল৷ ঠিকাদাৰগৰাকীয়ে বাইহাটা চাৰিআলিৰ পৰা অম্বৰীশনগৰলৈ পথটোৰ টুকুৰা টুকুৰিকৈ কাম কৰাৰ ফলত ৰাইজ ব্যাপক সমস্যাত পৰিছে৷ কোনো ঠাইত শিল-বালি দ’ম কৰি থোৱাৰ লগতে কোনো কোনো ঠাইত গাত কৰি থোৱাৰ ফলত গাড়ী-মটৰ দূৰৈৰ কথা খোজকাঢ়ি যোৱাৰো পৰিৱেশ নাইকিয়া হৈছে৷