60
বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ মুকালমুৱাত আজি এখন বাছ দুৰ্ঘটনাত পতিত হয়৷ বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী AS-25AC-6388 নম্বৰৰ আল্ট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত বাগৰি পৰে৷
দুৰ্ঘটনাত কথোমপি প্ৰাণ ৰক্ষা পৰে শিশু আৰু মহিলা সহ ২০ জন যাত্ৰীৰ৷ বৰপেটা-গুৱাহাটী সংযোগী পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷