newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ পৌৰি গাৰোৱাল জিলাৰ ননীধান্দাত ভয়াবহ বাছ দুৰ্ঘটনাত ৪৪গৰাকী লোকৰ মৃতু হোৱা বুলি জানিব পৰা গৈছে৷ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷ জানিব পৰা মতে, পাহাৰীয়া এলেকা ননীধান্দাত প্ৰায় ৫০ গৰাকী যাত্ৰী সহ এখন বাছ যাত্ৰা কৰিছিল দেওবাৰে পুৱাই৷ তেনে সময়তে পাহাৰীয়া পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাছখন কেইবা শ ফুট তলত বাগৰি পৰে৷
ফলত বাছখনৰ ওপৰৰ ভাগ খুলি পৰাত যাত্ৰীসকল বাছখনৰ পৰা ওলাই পৰে৷ ইতিমধ্যে ৪৪ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পাইছে৷