ওদালগুৰিঃ যোৱা ০৭ মাৰ্চত বিভিন্ন সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বিটিচিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত ভুল আছিল বুলি কৈছিল হাগ্ৰামা মহিলাৰীয়ে৷
বিটিএডি এলেকা অগ্নিগৰ্ভা হৈ পৰাৰ আশংকা কৰি যোৱা ০৭ মাৰ্চত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সৈতে এক বৈঠকত অনুষ্ঠিত কৰি বৈঠকত কেবিনেট পৰিষদৰ সভাত লোৱা খছৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য প্ৰকাশ কৰিছিল৷