ডিজিটেল ডেস্কঃ সকলো ঠিকে-ঠাকে আছিল যদিও ক’ৰবাত যেন খেলিমেলি আছিল। আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সকলো ঠিকে-ঠাকে চলা যেন লগা মানুহজনৰ জীৱনত কি খেলিমেলি আছিল সেই লৈ সৃষ্টি হৈছে ৰহস্যৰ।

বৃহস্পতিবাৰে নিশা আত্মহত্যা সংঘটিত কৰে আই এ এছ বিষয়া মুকেশ পাণ্ডেই। বিহাৰৰ বক্সাৰ জিলাৰ জিলা দণ্ডাধীশজনে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটি ৰেল ষ্টেশ্যনত ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে।

২০১২ চনত ইউ পি এছ চিত ১৪ নং স্থান লাভ কৰা পাণ্ডেৰ জন্মস্থান বিহাৰৰ চাপৰা যদিও তেওঁ আছিল গুৱাহাটীৰ বামুণীমৈদামৰ বাসিন্দা।

জানিব পৰা মতে, আত্মহত্যাৰ এঘণ্টা পূৰ্বে পৰিয়ালৰ লোকসকলক নিজৰ অভিপ্ৰায়ৰ কথা জনাইছিল পাণ্ডেই। কিন্তু তেতিয়ালৈ বহু পলম হৈ পৰিছিল। পৰিয়ালে তেওঁক বচোৱাৰ চেষ্টা কৰাৰ পূৰ্বেই নিজক শেষ কৰি দিয়ে আই এ এছ বিষয়াজনে।

উল্লেখ্য যে দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পাণ্ডেৰ পত্নীৰ ভনীয়েকৰ পৰা নিৰুদ্দেশ সম্পৰ্কীয় এটি অভিযোগ লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। বিপৰীতে পাণ্ডেই প্ৰথমতে চাণক্যপুৰীৰ লীলা পেলেচ হোটেলৰ পৰা প্ৰায় ৪ বজাত ওলাই জনকপুৰীলৈ যায়। তাতে এখন মেট্ৰ’ ৰেলত উঠে পাণ্ডেই। যিসময়ত আৰক্ষীয়ে সমগ্ৰ দিল্লীতে তেঁওক বিচাৰি চলাথ কৰি আছিল সেই সময়তে গাজিয়াবাদৰ ৰেলপথত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ।

সন্ধিয়া প্ৰায় ৬ বজাত শহুৰেকৰ লগতে পৰিয়ালৰ আন কেবাগৰাকী সদস্যকসকলক মেছেজৰ জৰিয়তে জনাইছিল যে তেতিয়া তেওঁ লীলা পেলেচ হোটেলত আছে আৰু তাৰ পৰা পশ্চিম দিল্লীৰ জনকপুৰী জিলা কেন্দ্ৰলৈ গৈ নিজকে শেষ কৰিবলৈ যো-জা চলাইছে।

'আই এ এছ বিষয়াজনৰ দিল্লীত থকা পত্নীৰ ভনীয়েকে  বৃহস্পতিবাৰে সন্ধিয়া সৰোজনী নগৰ আৰক্ষী থানালৈ আহি নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। দেউতাকে মেছেজটোৰ বিষয়ে উল্লেখ কৰি পাণ্ডেৰ ফোন অফ পোৱাত তেওঁক হেনো ততালিকে থানালৈ আহিবলৈ কৈছিল।’-এইদৰে কয় দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই।

লগে লগে আৰক্ষীৰ এটা দল উক্ত হোটেলখনত উপস্থিত হয় যদিও বিশেষ কোঠাটো বাহিৰৰ পৰা বন্ধ হৈ আছিল। সৰোজনী নগৰ আৰক্ষীয়ে তেতিয়া জনকপুৰী ডিষ্ট্ৰিক্ট চেণ্টাৰ পোৱা তেওঁৰ সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰে যদিও তাতো তেওঁৰ কোনো সন্ধান নাপালে।

ডিষ্ট্ৰিক্ট চেণ্টাৰৰ চিচিটিভিৰ ফুটেজত ধৰা পৰে যে ইতিমধ্যে তেওঁ জনকপুৰী মেট্ৰ ষ্টেশ্যনত এখন ৰেলত উঠিছে। 

'ৰেলত উঠাৰ কথাটো জানিব পাৰি, আমি অভিযান আৰম্ভ কৰো। আৰু নিশা আমালৈ খবৰ আহে যে গাজিয়াবাদত ৰেলপথত এটা মৃতদেহ উদ্ধাৰ হৈছে। ততাতৈয়াকৈ উক্ত স্থানলৈ আমি আমাৰ এটা দলক প্ৰেৰণ কৰো।’- সংবাদ মাধ্যমক জনায় শীৰ্ষ আৰক্ষী বিষয়া চিন্ময় বিশ্বাসে।

বিষয়াজনৰ মৃতদেহ পোৱাৰ পিছতে, সৰোজনী নগৰ আৰক্ষীয়ে হোটেলৰ কোঠা খুলি তাত কাপোৰৰ লগতে এটা নোটবুক উদ্ধাৰ কৰে। নোটবুকটোত লিখা ৪ পৃষ্ঠাজোৰা ছুইছাইড নোটত বিবাহিত জীৱনক লৈ দেখা দিয়া অশান্তিৰ কথা উল্লেখ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

''মই পশ্চিম দিল্লীৰ জনকপুৰীৰ হোটেল পিকাডেলীৰ ওচৰৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ অঞ্চলৰ ১০ মহলীয়া বিল্ডিঙৰ পৰা জপিয়াই আত্মহত্যা কৰিবলৈ ওলাইছো। জীৱনটো মোৰ বাবে অসহনীয় হৈ পৰিছে। মই আৰু জীৱনটো সহনীয় কৰি ল’ব বিচৰা নাই। মই দুখিত। মই সকলোকে ভাল পাও। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব।’’- ৪ পৃষ্ঠাৰ ছুইছাইড নোটটোৰ এঠাইত এইদৰে লিখিছে আই এ এছ বিষয়াগৰাকীয়ে। ছুইছাইড নোটত তিনিমহীয়া সন্তানটিৰ কথাও উল্লেখ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে সৰোজনী নগৰ আৰক্ষীয়ে।

উল্লেখ্য যে দুদিন পূৰ্বেই কৰ্মস্থলী বক্সাৰ এৰিছিল মুকেশ পাণ্ডেই। কাৰ্যালয়ত স্বাস্থ্যজনিত কাৰণত পাটনালৈ যাব বুলি জনাই বক্সাৰ এৰিছিল বিষয়াগৰাকীয়ে। তাৰ পিছতে তেওঁ দিল্লীলৈ আহি অসুস্থ আত্মীয় এজনক দেখা কৰে। জানিব পৰা মতে, যোৱা ৩১ জুলাইত বক্সাৰ জিলাৰ জিলা দণ্ডাধীশ হিচাপে পদোন্নতি হৈছিল বিষয়াগৰাকীৰ। কিন্তু এই পদোন্নতিয়েও তেওঁক জীৱনৰ প্ৰতি আকৰ্ষিত কৰিব নোৱাৰিলে।