নতুন দিল্লীঃ ব্যাপক জল্পনা-কল্পনাৰ অন্তত অসমত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ বিধানসভা সমষ্টিৰ ভোটগ্ৰহণৰ দিন আজি ঘোষণা কৰা হৈছে৷ ৫টা সমষ্টিক লৈ অসমৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ থকাৰ সময়তে মঙলবাৰে নতুন দিল্লীত অসমৰ ৫ সমষ্টিৰ ভোটগ্ৰহণৰ দিন ঘোষণা কৰা হয়৷
নতুন দিল্লীত অনুষ্ঠিত কৰা সংবাদমেলযোগে ভাৰতৰ নিৰ্বাচনী আয়োগে দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে দেশৰ ৪৭ টা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ ভাৰতৰ নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰা অনুসৰি ৪৭টা বিধানসভা সমষ্টিৰ সৈতে অসমৰো ৫টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷
অসমৰ পাঁচ সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ সমষ্টি কেইটা হৈছে নামনিৰ ধলাই, চিদলী, বঙাইগাঁও, উত্তৰ অসমৰ বিহালী, মধ্য অসমৰ ছামগুৰি সমষ্টি৷ ১৮ অক্টোবৰত আনুষ্ঠানিকভাৱে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব৷ মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ৷ ২৮ অক্টোবৰত মনোনয়ন পৰীক্ষা কৰা হ’ব৷ মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৩০ অক্টোবৰ৷ ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব৷
ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যই বিজেপিৰ টিকটত শিলচৰ সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হোৱাত সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়৷ আনহাতে ছামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়, বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয় আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়৷
ইতিমধ্যে শাসক বিজেপি আৰু বিৰোধী দলসমূহে সমষ্টি কেইটাত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ বিজেপিৰ কেইবাজনো নেতাই সমষ্টি কেইটাত তীব্ৰ প্ৰচাৰ চলাই থকাৰ লগতে কংগ্ৰেছেও কম-বেছি পৰিমাণে প্ৰচাৰ চলাই গৈছে৷ বিহালী সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই গৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ নেতাই ভাগে ভাগে সমষ্টি কেইটাত প্ৰচাৰ চলাই গৈছে৷ বিহালীত পীয়ুষ হাজৰিকা, ছামগুৰিত জিতু গোস্বামীৰ দৰে নেতাই প্ৰচাৰ চলাই গৈছে৷
আনহাতে বিজেপিয়ে চিদলী আৰু বঙাইগাঁও সমষ্টি সহযোগী অগপ আৰু ইউপিপিএল দলক এৰি দিছে৷ কিন্তু কংগ্ৰেছ নেতৃত্বধীন মিত্ৰজোঁট অসম সন্মিলিত মৰ্চা চমুকৈ অসমে এই পৰ্যন্ত মিত্ৰতাৰে নিৰ্বাচন খেলিব নে নাই তাকে লৈ সিদ্ধান্ত ল’ব পৰা নাই৷ ভূপেন বৰাই আজি এই বিষয়ত আলোচনা কৰি থকা বুলিহে মন্তব্য প্ৰদান কৰিছে৷
দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে উল্লেখ কৰা মতে, ঝাৰখণ্ডত দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে আয়োগে৷ দুই ৰাজ্যৰ সৈতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪৭টা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টিত একেলগে ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব৷ আজিৰে পৰা দুই ৰাজ্যৰ লগতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হ’ব৷