ৰঙিয়াঃ ৰঙিয়া ৰেল ষ্টেছনৰ পৰা চুৰি হোৱা এখন গ্লেমাৰ বাইক কিছু সময় পিছতে দাও-দাওকৈ জ্বলি উঠাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰঙিয়াৰ ৰেল ষ্টেছনৰ পৰা চুৰি কৰি নিয়া বাইক খন কিছু সময় পিছতে ষ্টেছনৰ সমীপৰ নিৰ্জন ঠাই এটুকুৰাত দাও-দাওকৈ জ্বলি উঠে৷
জানিব পৰা মতে, ৰঙিয়াৰ উদিয়ানা গাঁৱৰ ফজুল আলী বিশেষ কামৰ বাবে ৰঙিয়া ষ্টেছনলৈ আহে৷ ষ্টেছনৰ পৰা কিছু নিলগত বাইক খন থৈ ব্যস্ত হৈ থকৰা পিছত উভতি আহি বাইক খন থোৱা ঠাইত দেখা নাপায়৷ ফজুলে ইপাল সিফালে বাইক খন বিছাৰি থকা অৱস্থাতে ৰহস্যজনক ভাবে কিছু নলগত বাইক খন দাউ-দাউকৈ জ্বলি উঠে৷