বিহালীঃ ৰাজ্যৰ অন্যতম মেহনতী জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ লোকসকল আজিও ক্ষোভিত৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয় তেওলোকে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত ককবকাব লগা হয় জনগোষ্ঠীটোৰ লোকসকলে। জনগোষ্ঠীটোৰ লোকসকলক লৈ একাংশ লোকে ৰাজনীতি কৰি আহিছে যদিও জনগোষ্ঠীটোৰ উন্নয়ণক গুৰুত্ব আৰোপ কৰা দেখা নাযায়।
জনগোষ্ঠীটোৰ লৰা-ছোৱালীয়ে সাধাৰণ জলপানীৰ বাবে চৰকাৰৰ বিৰুদ্ধে যুজ কৰিব লগা হয়। স্বাস্থ্য, শিক্ষা, খোৱাপানী আদিৰ বাবে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লগা হয় জনগোষ্ঠীটোৰ লোকে৷ দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰ হ’ল যদিও সমস্যা সমাধান নহ’ল জনগোষ্ঠীটোৰ৷