নগাঁওঃ শিক্ষক শব্দটোকেই পবিত্ৰ বুলি গণ্য কৰে একো একো খন সমাজে৷ শিক্ষকক সমাজৰ সবাতোকৈ উচ্চ আসন খন দিয়ে সমাজ খনে৷ শিক্ষক হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ৷ কিন্তু একাংশ শিক্ষকৰ কৰ্ম-কাণ্ডই সমগ্ৰ শিক্ষক সমাজকে লজ্জিত কৰি আহিছে৷ নগাঁও জিলাত এগৰাকী শিক্ষকে দুগৰাকী ছাত্ৰক প্ৰহাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে এইবাৰ মহাবিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে লাখ লাখ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷
একাংশ শিক্ষকে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জৰিত থাকি ধন লুন্ঠন কৰাৰ গুৰুতৰ অভিযোগৰ সময়তে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এক অগ্ৰণী শিক্ষানুষ্ঠান কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত লাখ লাখ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে। কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে তদন্ত কৰি সমস্ত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনে৷