গুৱাহাটীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসী জনগণৰ প্ৰৱল বিৰোধিতাৰ বাবেই বি জে পি নেতৃত্বাধীন চৰকাৰে বুধবাৰে ৰাজ্যসভাত দেশৰ সংবিধান বিৰোধী, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ উত্থাপন তথা গৃহীত কৰিব নোৱাৰাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন অসম ৰাজ্য পৰিষদে সন্তুষ্টি প্ৰকাশ কৰি উত্তৰ-পূৰ্বাঞ্চলবাসী জনগণৰ লগতে দেশৰ সমূহ গণতান্ত্ৰিক- ধৰ্মনিৰপেক্ষ, বিধেয়ক বিৰোধী দল-সংগঠনলৈ অভিনন্দন জনাইছে।
সংগঠনটোৰ ৰাজ্যিক সভাপতি মানস বৰাই কয় যে ২০১৬ চনৰ ১৯ জুলাইত প্ৰথমবাৰৰ বাবে লোকসভাত উত্থাপন হোৱা বিধেয়কখনৰ বিৰোধিতা কৰি এ আই এছ এফে ২০১৬ চনৰপৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল।