• ক্ষমতাৰ মোহত বন্দী সৰ্বানন্দ সোণোৱালঃ নৃপেন নাথ 

ৰঙিয়াঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬  বাতিলৰ দাবীত আজি সন্ধিয়া চি পি আই(এম) ৰঙিয়া আঞ্চলিক সমিতিয়ে ৰঙিয়া নগৰৰ আই অ’ চি চকৰ পৰা দীপ্তেশ্বৰী হৈ চেপ্তি চকলৈ এক সুদীৰ্ঘ জোঁৰ সমদল বাহিৰ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ 

দলটোৰ নেতা বীৰেন্দ্ৰ নাথ শৰ্মা আৰু নৃপেন নাথৰ নেতৃত্বত ৰপায়ন কৰা এই জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ কঁপাই তোলে ৷ 

জোঁৰ সমদলৰ অন্তত নৃপেন নাথে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিজেপি চৰকাৰে অসমীয়াৰ বিৰুদ্ধে গভীৰ চক্ৰান্তত লিপ্ত হৈছে ৷ অসমীয়া জাতিক চিৰকাললৈ নিশকটীয়া কৰি অসমৰ সম্পদ নিৰ্বিঘ্ন লুন্ঠন চলোৱাৰ উদ্দেশ্যৰেই বাংলাদেশৰ হিন্দুসকলক অসমত সংস্থাপিত কৰিব বিচাৰিছে মোদী চৰকাৰে ৷ কিন্তু এনে হ’বলৈ দিয়া নহ’ব৷ 
অসমীয়া জাতিৰ প্ৰতিজন সদস্যই শৰীৰত শেষ বিন্দু ৰক্ত থকালৈকে কেন্দ্ৰৰ এই কূটিল ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ বাবে প্ৰস্তুত আছে নাথে কয় ৷