ৰঙিয়াঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি সন্ধিয়া চি পি আই(এম) ৰঙিয়া আঞ্চলিক সমিতিয়ে ৰঙিয়া নগৰৰ আই অ’ চি চকৰ পৰা দীপ্তেশ্বৰী হৈ চেপ্তি চকলৈ এক সুদীৰ্ঘ জোঁৰ সমদল বাহিৰ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
দলটোৰ নেতা বীৰেন্দ্ৰ নাথ শৰ্মা আৰু নৃপেন নাথৰ নেতৃত্বত ৰপায়ন কৰা এই জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ কঁপাই তোলে ৷