জালাহঃ ‘হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেট ডিগ্ৰী থাকিব পাৰে কিন্তু হোমেন বৰগোঁহাঞি, নগেন শইকীয়াৰ পাণ্ডিততকৈ হিমন্ত বিশ্ব শৰ্মাৰ পাণ্ডিত্য বেছি হ’ব নোৱাৰে৷ বজালীৰ বাঘমাৰাত বৃহত্তৰ বাঘমাৰা সচেতন মঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ব্যাখ্যা আগবঢ়ায় প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।
তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে পশ্চিমবংগ যেনেকৈ বঙালীৰ বাবে, মহাৰাষ্ট্ৰ যেনেকৈ মাৰাঠীৰ বাবে, পঞ্জাৱ যেনেকৈ পঞ্জাৱীৰ বাবে থিক তেনেকৈ অসম খিলঞ্জীয়া অসমীয়াৰ বাবে সংৰক্ষিত হ’ব লাগিব। তেখেতে বিধেয়কখনৰ ফলত আজিৰ পৰা পঞ্চাছ বছৰ পিছৰ অসমৰ অৱস্থাৰ কথা অৱতাৰণা কৰি কয় এটা সময়ত অসমত অসমীয়া ভাষাক বঙালী ভাষাই গ্ৰাস কৰিছিল আৰু সেই দিনৰ পুনৰাবৃত্তি ঘটিবলৈ সময় সমাগত।