68
ডিজিটেল ডেস্কঃ অৰ্থনৈতিক অপৰাধৰ সৈতে জৰিত পলাতক ভাৰতীয়ৰ বাবে বেয়া খবৰ। তেওঁলোকৰ ভাৰতত থকা সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে শনিবাৰে কেবিনেটত গৃহীত হ’ল এক অধ্যাদেশ। ৰাষ্ট্ৰপতিৰ সেউজ সংকেত পালেই ই সংসদত উত্থাপিত হ’ব।
ইকনমিক অপেণ্ডাৰ্ছ অৰ্ডিনেন্স অৰ্থাৎ অৰ্থনৈতিক অপৰাধী অধ্যাদেশ ২০১৮ অৱশেষত কেবিনেটত গৃহীত হোৱাৰ লগে লগে ভাৰত চৰকাৰে বিদেশত আত্মগোপন কৰা নীৰৱ মোডীৰ দৰে পলাতক অপৰাধীৰ সম্পত্তি এতিয়া বাজেয়াপ্ত কৰিব পাৰিব।