গুৱাহাটীঃ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলোযোগে কেবিনেটৰ সিদ্ধান্ত সমূহ ঘোষণা কৰে।
কেবিনেটে ‘শ্ৰদ্ধাঞ্চলি’ নামৰ এক নীতিত অনুমোদন জনায়। এই নীতি অনুসৰি এতিয়াৰে পৰা অসমৰ বাহিৰত কাম কৰিবলৈ বা পঢ়া শুনা কৰিবলৈ গৈ মৃত্যু হোৱা লোকসকলৰ মৃতদেহ স-সন্মানেৰে অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে এক পুঁজি মুকলি কৰিব।
দৰিদ্ৰ লোকসকলে বহিঃৰাজ্যৰ পৰা নিজৰ পৰিয়ালৰ মৃতদেহ ঘূৰাই আনিবলৈ সক্ষম নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে চিকিৎসাৰ বাবে অন্য ৰাজ্যলৈ যোৱা আৰু চিকিৎসাৰ সময়ছোৱাত মৃত্যু হোৱা ব্যক্তিৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। এই আঁচনিখন কেৱল কামলৈ বা পঢ়া-শুনা কৰিবলৈ ওলাই যোৱাসকলৰ বাবেহে।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অসম আৰক্ষীৰ বিশেষ শাখাক এই নীতি ৰূপায়ণ আৰু নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হ’ব। বহিঃৰাজ্য কোনো লোকৰ মৃত্যু হ’লে পৰিয়ালসমূহে জৰুৰীকালীন নম্বৰ ১১২ত ফোন কৰিব পাৰিব আৰু বিশেষ শাখাই তৎক্ষণাত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব এবাৰ পৰিয়ালটোৱে ১১২ নম্বৰৰ সৈতে যোগাযোগ কৰাৰ পিছত বিশেষ শাখাই সবিশেষ পৰীক্ষা কৰিব, আৰু এজন ডি আই জি পৰ্যায়ৰ বিষয়াই মৃতদেহটো সম্পূৰ্ণ সন্মানেৰে অসমলৈ ঘূৰাই অনাটো নিশ্চিত কৰাৰ দায়িত্ব ল’ব।
ইয়াৰ উপৰিও এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আইচিডিএছৰ ছুপাৰ ভাইজ’ৰৰ পদ ৫০ শতাংশ সংৰক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি গোৱালপাৰাৰ উৰপদ বিলক বনাঞ্চললৈ ৰূপান্তৰ কৰা হ’ব। সংৰক্ষিত বনাঞ্চলৰ বাবে ৯০০০ বিঘা ভূমিত ইতিমধ্যে উচ্ছেদ কৰা হৈছে বুলি শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে এই সিদ্ধান্ত সম্পৰ্কে কিবা আপত্তি থাকিলে স্থানীয় ৰাইজে এমাহৰ ভিতৰত লিখিত অভিযোগ দাখিল কৰিব পাৰিব।
ইয়াৰ উপৰিও গোৱালপাৰাৰ হাচিলা বিলকো বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। লগতে ষ্টেট মিনাৰেল এক্সপ্লোৰেচন ট্ৰাষ্ট গঠনৰ অনুমোদন জনায় কেবিনেটে। অসমত খনিজ পদাৰ্থৰ অন্বেষণ কৰিবৰ বাবে এই ট্ৰাষ্ট গঠন কৰা হৈছে।
কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান, আৰু শক্তি বিভাগৰ কৰ্মচাৰীয়ে ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ৰ সুবিধা লাভ কৰিব । চন্দ্ৰপুৰত নৱোদয় বিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ৪০ বিঘা মাটি আবন্টন দিব।
শেহতীয়াকৈ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধি সম্পৰ্কেও ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে ৰান্ধনীসকলৰ দৰমহা ২০০০ টকালৈ বৃদ্ধিত অনুমোদন জনায়। লগতে ৰাভা হাছং উন্নয়ন পৰিষদ গঠনতো অনুমোদন জনায় দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে।
জীব-জন্তুৰ আক্ৰমণত প্রাণ হেৰুওৱা প্রতিজন ব্যক্তিৰ বাবে ক্ষতিপূৰণ ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাত কেবিনেটে অনুমোদন জনাইছে। লগতে শস্যকেন্দ্রিক ক্ষতিপূৰণ প্ৰতি বিঘাত ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধিৰ ক্ষেত্রতো কেবিনেটে অনুমোদন জনাইছে। নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলক প্রথম বার্ষিক বেতন বৃদ্ধি সুবিধাত কেবিনেটে অনুমোদন জনাইছে। সেয়া ২০২৫ চনৰ জুলাই মাহত প্ৰদান কৰা হ’ব। এই বৃদ্ধিৰ দ্বাৰা ২৬,০০০ৰো অধিক শিক্ষক উপকৃত হ’ব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।
বিটিআৰৰ বাশবাৰীৰ মাটি নিদিয়ে আদানিক
কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত বিটিআৰৰ বাসবাৰীত থাৰ্মেল পাৱাৰ প্ৰকল্পৰ বাবে আাদানিক মাটি দিয়াক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভতো মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, “বিটিআৰত আদানিক মাটি দিয়া বা নিদিয়াৰ সন্দৰ্ভত এটা প্ৰক্ৰিয়া লুকাই আছে। অসমত আামি ৩ হাজাৰ মেগাৱট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে উদ্যোগ স্থাপন কৰিম। এই উদ্যোগটোৰ বাবে নিবিদা স্থাপন হ’ব। নিবিদাত বহু কোম্পানীয়ে অংশগ্ৰহণ কৰিব। এই প্ৰকল্পটোত প্ৰায় ৪০ হাজাৰ কোটি টকা খৰচ হ’ব।”
তেওঁ আৰু কয়, “আমি ভাবিছিলোঁ যে জাগীৰোডৰ দৰে ডাঙৰ বিনিয়োগ যদি কোকৰাঝাৰত হয় তেন্তে ৰাইজে আাদৰণি জনাব আৰু তাত প্ৰায় এক লাখ মানুহে সংস্থাপন পাব। কিন্তু আমি এনেকুৱা বদনাম ল’ব খোজা নাই যে মানুহে ক’ব আামি ট্ৰাইবেলৰ মাটি ল’ব খুজিছোঁ। কিয়নো বড়ো সমাজে ইয়াৰ বিৰোধিতা কৰিছে। সেয়ে আমি বিকল্প ঠাইত এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোঁ।”
বিকল্প ঠাইত কাম আৰম্ভ কৰিলেও উক্ত স্থানত আন কোনো চৰকাৰী প্ৰকল্প আৰম্ভ কৰাৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত তেওঁ কয়, “এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ৪ হাজাৰ বিঘা মাটি মাত্ৰ ৮০ টা পৰিয়ালে লৈ থৈছে। এইটো হ’ব নোৱাৰে। গতিকে সেই ঠাই আদানিয়ে নললেও মেডিকেল কলেজ বা অন্যান্য অনুষ্ঠান কৰিব লাগিব। কিন্তু জনজাতীয় লোকৰ লগত সংঘাত কৰিব নিবিচৰাৰ বাবে আমি এই প্ৰকল্পটো গোৱালপাৰা বা ধুবুৰীত কৰিম। যদি আমাৰ পাৱাৰ প্লেন্ট নহয় তেন্তে ক’তোৱেই লাইট নজ্বলিব। বিটিআৰৰ ৰাইজে ভাল পাব বুলিহে আমি প্ৰকল্পটো তাত কৰিম বুলি ভাবিছিলোঁ।”
