Home ৰাজ্যমামা-মামী, আদানি-আম্বানিয়ে মাটি পাইছে,সাধাৰণ ৰাইজে মাটি পোৱা নাইঃ গৌৰৱ গগৈ

মামা-মামী, আদানি-আম্বানিয়ে মাটি পাইছে,সাধাৰণ ৰাইজে মাটি পোৱা নাইঃ গৌৰৱ গগৈ

by News Next One
0 comments
A+A-
Reset

কোকৰাঝাৰঃ বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ মূল ইছ্যু হ’ব মাটি। আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল মাটি। মামীয়ে মাটি পাই আছে, মামাই মাটি পাই আছে, আদানিয়ে মাটি পাই আছে, আম্বানিয়ে মাটি পাই আছে কিন্তু সাধাৰণ মানুহে মাটি পোৱা নাই। এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

আজি দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত হোৱা গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰি বিজেপি চৰকাৰৰ কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰে। গৌৰৱ গগৈয়ে কয় অৰুণোদয়ৰ নামত ১০০০-১২০০ টকা মহিলাসকলে পাইছে আনহাতে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ পৰিয়ালে ১০ লাখ, ২০ লাখ, ৩০ লাখ টকীয়া আঁচনিৰ হিতাধিকাৰী হৈছে।

যি আঁচনি সাধাৰণ যুৱক, মহিলাৰ বাবে হ’ব লাগিছিল তাতেও মন্ত্ৰী, বিধায়ক সোমাই পৰিছে। নিজে কিমান ধনী হ’ব পাৰে সেয়াহে চিন্তা কৰিছে। এইবোৰ কাৰণতেই অহা নিৰ্বাচনত বিজেপিৰ পতন হ’ব বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে।

ইপিনে বিটিচি নিৰ্বাচনক লৈ কংগ্ৰেছ দল যথেষ্ট ছিৰিয়াছ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে গৌৰৱ গগৈয়ে। ”কংগ্ৰেছ দলৰ প্ৰতি নতুন উৎসাহ দেখা গৈছে। বিটিচি নিৰ্বাচনৰ বাবে কষ্ট কৰিব লাগিব। হাতত অলপ সময় আছে। কষ্ট কৰিলে অপ্ৰত্যাশিত ফলাফল আহিব পাৰে। বিটিচিৰ প্ৰতিটো সমষ্টিৰ বাবে প্ৰাৰ্থী সাজু আছে।’’— আমাৰ দুখ কষ্ট দেখি ৰাইজে আমাক আগতকৈ বেছি মৰম কৰিব বুলি আশা প্ৰকাশ কৰি এইদৰে কয় গৌৰৱ গগৈয়ে।

তদুপৰি কোকৰাঝাৰলৈ আগমন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় যে ৰাইজৰ মাজত থাকিলেহে সঞ্জীৱিনী শক্তি পোৱা যায়। কংগ্ৰেছ ৰাইজৰ মাজত থাকি সঞ্জীৱিনী শক্তি লাভ কৰে। সেয়ে কংগ্ৰেছে কোকৰাঝাৰত ৰাইজৰ লগত থাকি সঞ্জীৱিনী লবলৈ আহিছে। কোকৰাঝাৰৰ ৰাইজৰ সমস্যা, সপোন আৰু আশা বুজিবলৈ আহিছো বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰি ৰাইজৰ সপোন বাস্তৱত ৰূপায়ণৰ চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে প্ৰতিনিয়ত গৌৰৱ গগৈক সমালোচনা কৰা, বিভিন্ন কথাৰে আক্ৰমণ কৰা সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত গৌৰৱ গগৈয়ে মাথো কয়, “সবকো সন্মতি দে ভগবান, সকলোৰে মংগল হওঁক।”

উল্লেখ্য যে আজি পুৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰ ৰে’লৱে ষ্টেচনত গৌৰৱ গগৈ উপস্থিত হোৱাৰ পিছতে কংগ্ৰেছ কৰ্মীসকলে বিপুল আদৰণি জনায়। জনতাৰ ব্যাপক উৎসাহত ৰে’লৱে ষ্টেচনত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে কোকৰাঝাৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰে। কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়তো গৌৰৱ গগৈক বিপুল আদৰণি জনোৱা হয়।

কোকৰাঝাৰত কংগ্ৰেছৰ দুৰ্দিন চলি থকাৰ সময়তে গৌৰৱ গগৈৰ আগমন সঞ্জীৱিনী বুলি বিবেচিত হৈছে আৰু এনে বিপুল উৎসাহ পূৰ্বতে দেখা নগৈছিল। আনহাতে গৌৰৱ গগৈয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক দলীয় বৈঠকতো মিলিত হয়। উক্ত বৈঠকত গৌৰৱ গগৈয়ে কয় যে সমষ্টিত কোনোবা এজনেহে টিকট পাব কিন্তু আমি সমষ্টিবাসীৰ ওচৰত হাতৰ চিনৰ বাবেহে প্ৰচাৰ কৰিম। হাতৰ চিনৰ প্ৰতি থকা মানুহৰ মৰমৰ বাবে আমি হাতৰ চিনত গুৰুত্ব দিব লাগিব।

বিটিআৰত এইবাৰ যুঁজ এখন হ’ব বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে ৰাইজৰ কাষ চাপি আশা-আকাংক্ষাৰ বুজ ল’বলৈ আহ্বান জনোৱাৰ লগতে ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈও কংগ্ৰেছ কৰ্মীৰ প্ৰতি আহ্বান জনাইছে। আনহাতে দলীয় সভাতো গৌৰৱ গগৈয়ে আদানিক মাটি দিয়াৰ প্ৰসংগ উত্থাপন কৰি অকল ট্ৰাইবেলৰ মাটি, দুখীয়া মানুহৰ মাটিহে দান দিবলৈ পাইছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ মাটি কিয় দান নিদিয়ে বুলি প্ৰশ্ন উত্থাপন কৰি গোটেই অসমৰে মাটিসমূহ যদি মুখ্যমন্ত্ৰী, মন্ত্ৰী, আদানি, আম্বানিৰ হয় তেনেহলে সাধাৰণ মানুহে থাকিব ক’ত বুলিও প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে।

ইফালে, দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত হোৱা গৌৰৱ গগৈয়ে দলীয় বৈঠকৰ পিছতে কাৰ্যসূচী অনুসৰি বিয়লিৰ ভাগত আদানিক তিনিহেজাৰ বিঘা মাটি আৱণ্টন দিয়া বাশবাৰীত উপস্থিত হয়। বাশবাৰীত উপস্থিত হৈ গগৈয়ে মাটি-ভেটি হেৰুওৱাৰ আশংকাত প্ৰতিবাদৰত অঞ্চলটোৰ বড়ো জনগোষ্ঠীৰ লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ হৈ যুঁজ দি যোৱাৰ আশ্বাস প্ৰদান কৰে।

স্থানীয় ৰাইজে গগৈৰ আগত দুখৰ কথা বিৱৰি কয় যে আমাৰ পূৰ্বপুৰুষে এই মাটিত বসবাস কৰি খেতি-বাতি কৰি আহিছে৷ এই মাটি ট্ৰাইবেল বেল্টৰ আৱেষ্টনীত আছে৷ ট্ৰাইবেল বেল্টৰ আৱেষ্টনীত থকা মাটি আমাৰ হাতৰ পৰা নি আদানিক গতাব খোজা হৈছে৷ আমি মাটি এৰি নিদিও৷ প্ৰতিবাদ কৰি যাম৷ প্ৰতিবাদ কৰি অহা লোকসকলৰ সৈতে বাৰ্তালাপ কৰি ৩,৬০০ বিঘা মাটি গৌতম আদানিক গতাবলৈ দিয়া নহ’ব বুলি কয় গৌৰৱ গগৈয়ে।

কাৰ্যসূচী অনুসৰি গৌৰৱ গগৈয়ে মহামায়া মন্দিৰ দৰ্শন কৰিব আৰু তুলসীবিলৰ এক জনসভাতো জনসভাতো অংশ গ্ৰহণ কৰে। কাইলৈ ৰাতিপুৱা ১০:৩০ বজাত গৌৰৱ গগৈয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দলীয় বৈঠকত অংশ ল’ব আৰু তাৰপিছতে দুপৰীয়া ১২:০০ বজাত কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিত এক জনসভাত অংশ লৈ বিয়লি ৩:৪৫ বজাত ৰে’লযোগে গুৱাহাটীলৈ ৰাওনা হ’ব।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0