গোৱালপাৰাঃ উচ্ছেদৰ প্ৰায় এটা সপ্তাহৰ অন্তত খবৰ ল’বলৈ গৈ উচ্ছেদিতৰ ৰোষত পৰিছে সাংসাদ ৰকিবুল হুছেইন৷ গোৱালপাৰাৰ হাচিলাবিলত উচ্ছেদিত হোৱা লোকসকলৰ আজি খবৰ ল’বলৈ গৈছিল ৰকিবুল হুছেইন৷ লগত গৈছিল সংখ্যালঘু বিধায়ক৷ কিন্তু ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ বিধায়কসকলক উভতি ধৰে একাংশ উচ্ছেদিত লোকে৷ সাংসদ ৰকিবুল হুছেইনৰ গাড়ীত বোক ছটিয়াই ক্ষোভ জাহিৰ কৰে৷
উচ্ছেদিতসকলৰ মতে, এটা সপ্তাহে কংগ্ৰেছৰ সাংসদ-বিধায়কসকলে খবৰ লোৱা নাছিল৷ এটা সপ্তাহৰ অন্তত খবৰ ল’বলৈ অহাত তেনেদৰে ক্ষোভ জাহিৰ কৰিছে৷ গোৱালপাৰা চহৰৰ সমীপৰ ৰাজহগাঁও হাচিলাবিলত ১৬ জুনত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। উচ্ছেদিত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰিবলৈ আজি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছ দলৰ এটি সঁজাতি দল উপস্থিত হয়।
সাংসদ ৰকিবুল হুছেইনে উচ্ছেদিত ৰাইজৰ মাজত সামগ্ৰী বিতৰণৰ সময়তে একাংশ উত্তেজিত ৰাইজে গ’-বেক ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে সাংসদগৰাকীৰ সৈতে যোৱা কংগ্ৰেছ দলৰ একাংশ বাহনত বোকা ছটিওৱাৰ লগতে শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি উত্তপ্ত দেখি ঘটনাস্থলী এৰি আহে সাংসদগৰাকীৰ লগতে কংগ্ৰেছ দলৰ সঁজাতি দলটোৱে। পিছত আৰক্ষী-প্ৰশাসনৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ঘটনাস্থলী এৰি অহা সাংসদগৰাকীয়ে গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
সাংসদগৰাকীয়ে কয় যে হাচিলাবিলৰ উচ্ছেদিত পৰিয়ালৰ কাষত কিছু সাহায্য বিতৰণ কৰিবলৈ আমি উপস্থিত হৈছিলো। সাহায্য বিতৰণ কৰি উভতি অহাত আমাৰ পিছফালে থকা কেইখনমান বাহনত একাংশই বোকা ছটিওৱাৰ লগতে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰে। গাড়ীত আক্ৰমণ কৰা ১০-১২ জনীয়া গ্রুপটো উচ্ছেদিত পৰিয়ালৰ নহয়। যদি উচ্ছেদিত ঘৰ-বাৰী হেৰুৱা লোক আক্ৰমণত জড়িত থাকিলহেঁতেন তেন্তে আমাৰ ক’বলগীয়া একো নাছিল৷
এয়া এক পৰিকল্পিত আক্ৰমণ বুলি অভিহিত কৰে সাংসদ হুছেইনে। এই আক্ৰমণত আমি অকণো দুখ পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘সাপ হৈ খুটি বেজ হৈ জাৰিব বিচাৰিছে’ এয়া অসমৰ সকলো ৰাইজে জানে। হাচিলাবিল গাঁৱত চৰকাৰেই উচ্ছেদ অভিযান চলালে আৰু ইয়াৰে একাংশ উচ্ছেদিতক মুখ্যমন্ত্ৰীয়ে মাতি আনি কয় যে হাচিলাবিলত বিধায়ক এ কে ৰশ্বিদৰ কাৰণেই উচ্ছেদ চলোৱা হৈছে।
বিধায়কগৰাকীয়ে চেলেঞ্জ দিয়াৰ কাৰণেই মুখ্যমন্ত্ৰীয়ে হাচিলাবিলত উচ্ছেদ চলাইছে বুলিও মন্তব্য কৰে সাংসদ হুছেইনে। তেওঁ কয়, “মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত যদি এনেধৰণৰ মন্তব্য তেন্তে আমি কোনখন ৰাজ্যত বসবাস কৰিছোঁ। দুখীয়া মানুহবোৰক পণবন্দী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে পাশা খেলিছে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব আৰু নেদেখাজনেও দিব।”
“মুখ্যমন্ত্ৰীগৰাকীয়ে যিকোনো প্ৰকাৰে গাদীখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে খিলঞ্জীয়া মানুহৰ ওপৰত এনেধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অসমৰ ৰাইজে বুজি পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়াই দেখিলে যে উজনি অসমত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক পৰিবেশ বেয়া তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে গোৱালপাৰাত আহি ধুঁৱলী-কুঁৱলী পৰিবেশৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। যিসকল লোকে আমাক আক্ৰমণ কৰিছে তেওঁলোকক আমি অকণো বেয়া পোৱা নাই।”- যিসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকক পুনঃসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ এটি সঁজাতি দলে জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে এইদৰে কয়।
সাংসদগৰাকীয়ে আৰু কয় যে কেন্দ্ৰত যদি এইবাৰ চৰকাৰ সলনি হ’লহেঁতেন তেতিয়াহ’লে এইসকল লোক আজি উচ্ছেদিত হ’ব লগা নহ’লহেঁতেন। গতিকে এইসকল লোকে ২০২৬ চনলৈ ৰখিব লাগিব। সকলো মিলি গ’লে ২০২৬ চনলৈ ৰাখিব নালাগে বুুলিও কয় হুছেইনে৷ কিজানি অহা ছেপ্টেম্বৰ মাহত সম্ভৱতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ম্যাদ উকলিব আৰু তেতিয়া এই দুখীয়া লোকসকলে তেওঁলোকৰ ওপৰত চলা অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে।