জেৰুজালেমঃ ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ প্ৰত্যক্ষ সামৰিক আক্ৰমণে তীব্ৰতৰ কৰি তুলিছে মধ্যপ্ৰাচ্যৰ সংঘাত। ইজৰাইলৰ সমৰ্থনত চলা এই আক্ৰমণত ইৰাণৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানৰ পাৰমাণৱিক কেন্দ্ৰ ‘বাংকাৰ-ভেদী’ বোমা আৰু ক্ষেপণাস্ত্ৰৰে ধ্বংস কৰাৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই আক্ৰমণে আন্তৰ্জাতিক কূটনীতিত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰে যে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প সম্পূৰ্ণৰূপে ধ্বংস নোহোৱালৈকে সামৰিক অভিযান চলি থাকিব। ট্ৰাম্পৰ “সাহসী সিদ্ধান্ত”ৰ প্ৰশংসা কৰি তেওঁ কয়, “প্ৰথমে শক্তি, তাৰ পিছত শান্তি।” তেওঁৰ দাবী, এই পদক্ষেপে ইৰাণক পাৰমাণৱিক শক্তি হোৱাৰ পৰা ৰক্ষা কৰাৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে।
ইফালে, ইৰাণে নিজৰ প্ৰকল্প শান্তিপূৰ্ণ বুলি দাবী কৰিলেও, ইজৰাইলৰ সপ্তাহযোৰা আকাশী আক্ৰমণত বিস্তৰ ক্ষতিসাধন হৈছে দেশখনৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ। অন্যহাতে, ট্ৰাম্পে কয় যে এই আক্ৰমণৰ উদ্দেশ্য ইৰাণৰ পাৰমাণৱিক ক্ষমতা নিষ্ক্ৰিয় কৰা। তেওঁ শান্তিৰ আহ্বান জনালেও, পৰিস্থিতি অধিক সংঘাতময় হৈ পৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে এই আক্ৰমণক জাতিসংঘৰ চনদ, আন্তৰ্জাতিক আইন আৰু অস্ত্ৰ প্ৰসাৰণ চুক্তিৰ উলংঘন বুলি নিন্দা কৰি কঠোৰ প্ৰতিশোধৰ সতৰ্কবাণী প্ৰদান কৰে।
আমেৰিকাৰ আক্ৰমণৰ ঠিক পিছতে ইজৰাইলত প্ৰতিশোধমূলক আক্ৰমণ চলায় ইৰাণে। একপ্ৰকাৰ আমেৰিকাক ৰঙাচকু দেখুৱাই ইজৰাইলৰ কেইবাটাও স্থানলৈ লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ কৰে ইৰাণে, যাৰ ফলত দুয়োপক্ষৰ কিছু লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
এই সংঘাত পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে এই সংঘাতক বিপজ্জনক বুলি আখ্যা দি কূটনৈতিক সমাধানৰ আহ্বান জনায়। তেওঁ সতৰ্ক কৰি দি কয় যে, এই সংঘাতে অঞ্চলটোক অস্থিৰতাৰ দিশে ঠেলি দিব পাৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ সুযোগ নিদিয়াৰ পোষকতা কৰি আলোচনাৰ আহ্বান জনায়।
ছৌদি আৰবে সংযমৰ পৰামৰ্শ দিছে। ওমানে এই আক্ৰমণক আন্তৰ্জাতিক আইনৰ উলংঘন বুলি নিন্দা কৰে। হামাছে ইৰাণৰ পক্ষ লৈ আমেৰিকাৰ বিৰোধিতা কৰিছে। একে সময়তে, ইৰাকে এই আক্ৰমণক আঞ্চলিক শান্তিৰ প্ৰতি ভাবুকি বুলি আখ্যা দিয়ে। এই সংঘাতৰ পৰিসৰ ক্ৰমশঃ বৃদ্ধি পোৱাত আন্তৰ্জাতিক সমাজত বৃহৎ যুদ্ধৰ আশংকা তীব্ৰ হৈ উঠিছে।
ইৰাণে বন্ধ কৰিলে গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ ষ্ট্ৰেইট
ষ্ট্ৰেইট অব হৰমুজ আনুষ্ঠানিকভাৱে বন্ধ কৰিলে ইৰাণে। আমেৰিকাই ফৰ্ড’, নাটাঞ্জ আৰু ইছফাহানকে ধৰি জটিল পাৰমাণৱিক স্থানসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ইৰাণে। হৰমুজ ষ্ট্ৰেইট হৈছে পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ এক জলপথ আৰু ই পাৰস্য উপসাগৰৰ পৰা মুকলি সাগৰলৈ একমাত্ৰ সাগৰীয় পথ আৰু ই বিশ্বৰ অন্যতম কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বাণিজ্যিক চ’ক পইণ্ট।
হৰমুজ প্ৰণালী দীৰ্ঘদিন ধৰি বন্ধ হৈ থাকিলে বিশ্বৰ বাণিজ্য আৰু তেলৰ মূল্যত প্ৰভাৱ পৰিব পাৰে। পৰিসংখ্যা অনুসৰি বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ যথেষ্ট অংশ হৰমুজ জলপথৰ মাজেৰে পাৰ হয়। উত্তৰত ইৰাণ, দক্ষিণে ওমান আৰু ইউএইৰ মাজত ই চ’ক পইণ্ট।
বিশেষকৈ আমেৰিকাই ইজৰাইল-ইৰাণ যুদ্ধত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰাৰ পাছত বৃহৎ সংঘাতৰ সম্ভাৱনাৰ মাজতে এই অঞ্চলটো এক হটস্পটত পৰিণত হৈছে। হৰমুজ প্ৰণালী ৩৩ কিলোমিটাৰ বহল আৰু মাত্ৰ ২ কিলোমিটাৰ বহল জাহাজ পথ আছে, যাৰ ফলত ই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে অন্যতম ব্যস্ত সাগৰীয় পথ। গতিকে এই পথ বন্ধ হোৱাটো বিশ্ব বাণিজ্যৰ বাবে হ’ব পাৰে এক জোকাৰণি।
‘শান্তিৰ দূত’ ট্ৰাম্পক লৈ হঠাতে স্থিতি সলনি পাকিস্তানৰ
ইজৰাইৱ-ইৰাণ যুদ্ধত আমেৰিকাৰ প্ৰৱেশৰ পিছতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ উন্মোচিত হ’ল পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ! যি ট্ৰাম্পৰ উচ্চ প্ৰশংসাত গদগদ হৈ শান্তিৰ নোবেল বঁটা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল পাকিস্তানে, সেই ট্ৰাম্পৰ নেতৃত্বত ইৰানত চলা সামৰিক অভিযানৰ ঘোৰ বিৰোধিতা কৰি পাকিস্তানে উদঙাই দিলে নিজৰ স্ব-বিৰোধী স্বৰূপ।
উল্লেখ্য যে যোৱা ১৮ জুনত পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল চৈয়দ আছিম মুনিৰে ৱাশ্বিংটনৰ হোৱাইট হাউছত ট্ৰাম্পৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণত অংশ লৈছিল। এই বিৰল বৈঠকখন বহুলাংশে আছিল ভাৰত-পাকিস্তান সীমান্তত শেহতীয়া উত্তেজনা লাঘৱ কৰাত ট্ৰাম্পৰ কথিত ভূমিকাক স্বীকৃতি প্ৰদানৰ বাবে। বৈঠকৰ পিছদিনা পাকিস্তানে আনুষ্ঠানিকভাৱে ড’নাল্ড ট্ৰাম্পক ২০২৬ চনৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়।
এই প্ৰস্তাৱটোত পাকিস্তানে কয় যে দক্ষিণ এছিয়াত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ কূটনৈতিক অৱদান আৰু “নিৰ্ণায়ক নেতৃত্ব” প্ৰশংসনীয়। পাকিস্তানে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ সৈতে উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ মধ্যস্থতা ঐতিহাসিক আৰু সেইবাবেই তেওঁক শান্তিৰ ৰাষ্ট্ৰদূত হিচাপে গণ্য কৰা উচিত। কিন্তু ট্ৰাম্পৰ প্ৰশংসা জিভাৰ পৰা সৰকি শেষ নৌহওঁতেই এইবাৰ অন্য এক স্থিতি গ্ৰহণ কৰে ইছলামাবাদে।
২২ জুনত যেতিয়া আমেৰিকাই সেই ‘শান্তিৰ দূত’ ট্ৰাম্পৰ নিৰ্দেশত ইৰানৰ ফৰ্ড’, নাটাঞ্জ, ইছফাহানৰ দৰে কৌশলগত পাৰমাণৱিক কেন্দ্ৰত বৃহৎ আক্ৰমণ চলায়, তেতিয়া হঠাতে পাকিস্তানে ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে। ইছলামাবাদৰ পৰা বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত এই আক্ৰমণক আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰত্যক্ষ উলংঘা বুলি অভিহিত কৰে পাকিস্তানে।
দেশখনে সকীয়াই দিয়ে যে এই আক্ৰমণে সমগ্ৰ মধ্যপ্ৰাচ্যক আৰু অধিক অস্থিৰ আৰু উত্তেজনাপূৰ্ণ কৰি তুলিব আৰু সংঘাতৰ পৰিসৰ বহল কৰিব পাৰে। যাতে অঞ্চলটোলৈ শান্তি ঘূৰি আহিব পাৰে, তাৰ বাবে তাৎক্ষণিকভাৱে যুদ্ধবিৰতি ঘোষণা কৰাৰো আহ্বান জনায় পাকিস্তানে। ইয়াৰ পিছতে ভাৰতৰ এই চুবুৰীয়া দেশখনৰ দুমুখীয়া স্থিতিয়ে ব্যাপক চৰ্চা লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলত।
বহু বিশ্লেষকৰ মতে, আমেৰিকাৰ ৰাষ্ট্ৰনেতাগৰাকীৰ সামৰিক সিদ্ধান্তৰ মুকলি বিৰোধিতা কৰাৰ সমান্তৰালভাৱে শান্তি বঁটাৰ বাবে তেওঁৰ মনোনয়নৰ বাবে আমেৰিকাক প্ৰশংসা কৰাৰ ভণ্ডামি পাকিস্তানৰ বৈদেশিক নীতিৰ ফোঁপোলা আৰু কৌশলগত অনিশ্চয়তাৰ প্ৰতিফলন। দেশখনৰ এই আচৰণে এই কথাই স্পষ্ট কৰিছে যে ইছলামাবাদে নিজৰ জাতীয় স্বাৰ্থৰ কোনো নিৰ্দিষ্ট নীতিতকৈ পৰিস্থিতিৰ সুযোগক অধিক গুৰুত্ব দিয়ে।
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা বেইজিঙৰ
ইৰাণত আমেৰিকাৰ আক্ৰমণৰ পিছতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াও দ্ৰুতগতিত উন্মোচিত হৈছে। আজি চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত আমেৰিকাৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। বেইজিঙে কয় যে এই পদক্ষেপ ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ গুৰুতৰ উলংঘা কৰিছে, যাৰ ফলত পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে।
চীনে সংঘাতৰ সকলো পক্ষ বিশেষকৈ ইজৰাইলৰ পৰা শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনায়। সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰি আলোচনা ক্ষিপ্ৰতাৰে আৰম্ভ কৰিবলৈ আহ্বান জনায় বেইজিঙে। আনহাতে, ইয়াৰ মাজতে আজি মস্কোলৈ ৰাওনা হয় ইৰাণৰ ৰাষ্ট্ৰদূত। কাইলৈ তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰাৰ কথা। লক্ষ্যণীয়ভাৱে পৰোক্ষভাৱে হ’লেও মধ্যপ্ৰাচ্যৰ সংঘাতত ইৰাণৰ পক্ষত থিয় দি আহিছে ৰাছিয়াই।
এনে পৰিস্থিতিতে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে শেহতীয়া পৰিঘটনাসমূহৰ বিষয়ে বিতং আলোচনা কৰিব ইৰাণৰ ৰাষ্ট্ৰদূতে। তেওঁ লগতে কয় যে এই বিষয়ত ইৰাণ, ৰাছিয়া, চীনৰ মাজত নিয়মীয়াকৈ আলোচনা আৰু সমন্বয় চলি আছে। তেওঁ দাবী কৰে যে ইৰাণে একো ভুল কৰা নাছিল আৰু মিছা দাবীৰ ভিত্তিত তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ইৰাণে আন্তঃৰাষ্ট্ৰীয় সমাজক আমেৰিকাৰ আক্ৰমণক গৰিহণা দিবলৈ আহ্বান জনায়।
ইৰানৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ মোদীৰ
আমেৰিকাই ইৰানৰ পাৰমাণৱিক ঘাটিত আক্ৰমণৰ কেইটামান ঘণ্টাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰানৰ ৰাষ্ট্ৰপতি মাছাউদ পেজেশকিয়ানৰে ফোনযোগে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰাচ্যত শান্তি বাহাল কৰিবলৈ তৎকালীনভাৱে উত্তেজনা হ্ৰাস আৰু কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স যোগে কয় যে ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৰ্তমান পৰিস্থিতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ সাম্প্ৰতিক উত্তেজনাৰ বিষয়ে গভীৰ চিন্তা প্ৰকাশ কৰোঁ। উত্তেজনা হ্ৰাস, আলোচনা আৰু কূটনৈতিক পথেৰে আগবঢ়াটোৱে সঠিক পথ বুলি পুনৰ প্ৰকাশ কৰিছোঁ৷ আঞ্চলিক শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ আহ্বান জনাইছোঁ৷
যুক্তৰাষ্ট্ৰই ইৰানৰ তিনি নিউক্লিয়াৰ পৰিকাঠামোত আক্ৰমণ চলোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ইৰানৰ নেতৃত্বক শান্তি বাহাল হোৱাৰ স্বাৰ্থত উত্তেজনা পৰিহাৰ কৰাৰ আহ্বান জনাইছে৷ বিশ্বৰ বিভিন্ন দেশৰ মুৰব্বীয়ে এই আক্ৰমণক নিন্দা কৰাৰ সময়তে নৰেন্দ্ৰ মোদীয়ে ফোনযোগে কৰা বাৰ্তালাপে বিশেষ তাৎপৰ্য বহন কৰিছে।