নতুন দিল্লীঃ দেশৰ অনুসুচীত জাতিৰ উন্নতিৰ বাবে গঠন হ’ব নতুন আয়োগ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে অনুসূচিত জাতিৰ সামাজিক আৰু শৈক্ষিক উন্নতিৰ বাবে এই আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ "নেশ্যনেল কমিশ্যন ফৰ ছ’চিয়েল আৰু এডুকেশ্যনেলী বেকৱাৰ্ড ক্লাছ" নামেৰে জনা যাব এই নতুন আয়োগক৷

এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু তিনিজন সদস্যৰে গঠিত হ’ব এই আয়োগ৷ পুৰ্বৰ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ ঠাইত এই নতুন আয়োগ গঠন কৰা হ’ব। তদুপৰি অন্যন্য পিছপৰা সম্প্ৰদায়ত নতুনকে কোনো জাতিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈও এই আয়োগৰ মঞ্জুৰীৰ প্ৰয়োজনীয় হ’ব৷ জাত-পাতক লৈ দেশখনত হৈ থকা বিভিন্ন বিক্ষোভ, আন্দোলনৰ পিছত এই নতুন আয়োগে উক্ত ক্ষেত্ৰত সংশোধনী গুৰুত্বপুৰ্ণ হ’ব বুলি জানিবপৰা গৈছে।