প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে কোনোবা নহয় কোনোবা ঠাইত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হয়৷ নাৰীক যেন আজিও সন্মান দিব নাজানে একাংশ পুৰুষে৷ শেহতীয়াকৈ কলকাতাত সংঘটিত এটি ঘটনাই ইয়াকে প্ৰমাণ কৰে৷ তাৰ মাজতে কলকাতাৰ এটি ঘটনাই জগাই তুলিছে দেশৰ সচেতন মহলক৷ জানিব পৰা মতে, মোবাইলত মেচেজ দি অগ্নিশ্বৰ চক্ৰবৰ্ত্তী নামৰ এজনে যুৱকে অশ্লীল ভাষাৰে আক্ৰমণ কৰে এগৰাকী যুৱতীক৷

কলকাতা চহৰৰ যুৱকজনে অশ্লীল ভাষাৰে গালি-গালাজ কৰিয়ে ক্ষান্ত নাথাকি ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰে যুৱতীগৰাকীক৷ যুৱক জনৰ এনে কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ বহু লোকে ছচিয়েল মিডিয়াক মাধ্যম হিচাপে ললে৷ ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে ভাইৰেল হৈ পৰে এই খবৰ৷মানুহৰ এনে আচৰণ সমাজৰ বাবে ক্ষতিকাৰক আখ্যা দিয়ে হাজাৰ হাজাৰ লোকে ছচিয়েল মিডিয়া যোগে৷ ছচিয়েল মিডিয়া ব্যাপক জনমত গঠন হয় এই ঘটনাৰ বিৰুদ্ধে৷

যুৱকজনক মানসিক ভাবে অসুস্থ বুলি কয় একাংশ লোকে৷ যুৱকজনক শাস্তি দিয়াৰো দাবী উত্থাপন কৰে একাংশ লোকে৷ তাৰ মাজতে change.org নামৰ এটি ৱেব ছাইডে যুৱকজনক শাস্তি দিয়াৰ বাবে উচ্চ ন্যায়লয়ক এটি আবেদন জনোৱাৰ বাবে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে৷ এই ঘটনাই জনমত গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছতে সমাজৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলক উচিত শাস্তি নিদিলে সমাজত বিৰূপ প্ৰভাৱ পৰিব বুলি মনোবিজ্ঞানীসকলে কয়৷ যাৰ ফলত অনলাইন স্বাক্ষৰ অভিযান আৰম্ভ কৰে change.org নামৰ এটি ৱেব ছাইডটোৱে৷