ডিজিটেল ডেস্কঃ সীমান্তত উপদ্ৰৱৰ সূচনা কৰা পাকিস্তানী সন্ত্ৰাসবাদীক নিয়োজিত কৰিছে দেশখনৰ সেনাই। ভাৰতীয় সৈনিকক খণ্ড-বিখণ্ড কৰিবলৈ সন্ত্ৰাসবাদীক চৰকাৰে দিছে নিৰ্দেশ। যাৰ বাবে সম্প্ৰতি অশান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত।
কিছুদিন পূৰ্বে ভাৰতীয় জোৱানৰ গুলীবৰ্ষণত সীমান্তত নিহত হৈছিল পাক দুৰ্বৃত্ত। উক্ত সন্ত্ৰাসবাদীটোৰ মৃতদেহৰ সৈতে সেনাই উদ্ধাৰ কৰিছে খুকুৰী। আন মাৰণাস্ত্ৰৰ সৈতে সন্ত্ৰাসবাদীয়ে ভাৰতীয় জোৱানৰ শিৰশ্ছেদৰ বাবে কঢ়িয়াই ফুৰিছে খুকুৰী।
আনহাতে নিহত সন্ত্ৰাসবাদীৰ মূৰত উদ্ধাৰ হৈছে এটা অত্যাধুনিক কেমেৰা। চোৰাংচোৱাৰ সম্ভেদ অনুসৰি ভাৰতীয় সেনাৰ শিৰশ্ছেদ কৰোতাক পুৰস্কৃত কৰে পাক সেনাই। শিৰশ্ছেদৰ প্ৰামাণিক ভিডিঅ'ৰ বাবে সন্ত্ৰাসবাদীক দেশখনৰ চৰকাৰে দিছে কেমেৰা।