প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ দক্ষিণ দিল্লীত এগৰাকী কানাডাৰ যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ 

দক্ষিণ দিল্লীৰ হাউজ খাস এলেকাত কানাডাৰ যুৱতীৰ অভিষেক নামৰ এগৰাকী যুৱকৰ সৈতে চা-চিনাকী হয়৷ তাৰ পিছতে পুনৰাই সাক্ষাৎ কৰিবলৈ কয় অভিষেকে যুৱতীক৷

মঙলবাৰে সন্ধিয়া কেইগৰাকীমান বন্ধুৰ সৈতে কানাডাৰ যুৱতীয়ে দক্ষিণ দিল্লীৰ হাউজ খাস এলেকালৈ পুনৰ আহে৷ তাত লগ ধৰে অভিষেকে৷ কিন্তু তাৰ পৰা অন্য ঠাইলৈ কানাডাৰ যুৱতীক অকলে লৈ যায় যুৱকজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আৰক্ষীক অভিযোগ দিয়াৰ লগতে নিজেই এইমছত স্বাস্থ্য পৰীক্ষা কৰে যুৱতীয়ে৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷