newsnextone.com | ৰঙিয়াঃ সমগ্ৰ দেশৰ লগতে উত্তৰ পূৱ অঞ্চলত ভয়াবহ ভাবে বৃদ্ধি পাইছে কৰ্কত ৰোগ। এই ৰোগবিধৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ সজাগ কৰাৰ প্ৰয়োজন আছিল তেনেদৰে সজাগ কৰা দেখা নগল। অনকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু চেচ্ছাসেৱী সংগঠনক কৰ্কত ৰোগৰ ক্ষেত্ৰত সজাগ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুধন প্ৰদান কৰা হৈছে যদিও ই এক ভেকো ভাওঁনাতহে পৰিণত হোৱ পৰিলক্ষিত হৈছে। 

এই ক্ষেত্ৰত ৰঙিয়া জনকল্যাণ ক্লাৱে আজি ৰঙিয়াত আন এক ব্যতিক্ৰমি পদক্ষেপ গ্ৰহণ কৰি কৰ্কত ৰোগৰ সজাগতা অনাৰ চেষ্টা কৰা কাৰ্য্যক সকলোৱে আঁদৰণি জনাইছে। এই ক্ষেত্ৰত জন কল্যাণ ক্লাৱৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয়ত কৰ্কট ৰোগৰ সজাগতা সৃষ্টিৰ লগতে সাহায্য প্ৰদানৰ উদ্দেশ্যে একক অভিনয় প্ৰতিযোগীতা অনুষ্ঠিত হয়। 

ৰঙিয়া মহাবিদ্যয়ৰ লগতে আন আন ঠাই সমূহৰ  প্ৰায় এশ গৰাকী  প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ শিল্পি পেঞ্চন প্ৰাপ্ত  শিল্পী নৰেন্দ্ৰ শৰ্মাই। অনুষ্ঠানটোত বন্তি প্ৰজলন কৰে ৰঙিয়াৰ নিৰ্বাচনী বিষয়া  ৰিপনজ্যোতি নাথ আৰু আছু নেতা ধৰ্মেশ্বৰ দাসে।