জয়ন্ত মুদৈ, নগাঁওঃ কেঞ্চাৰ মানেই যে মৃত্যু নহয় তাৰেই যেন উৎকৃষ্ট নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমিৰ বটদ্ৰৱা থানৰ ভকত কৃষ্ণৰাম বৰুৱা। প্ৰৱল ইচ্ছা শক্তিৰ জৰিয়তে জীৱনলৈ অহা কঠিন ধুমুহাকো নেওচি সুদীৰ্ঘ ২২ বছৰ কাল পাৰ কৰি বৰ্তমান বিয়াশী বছৰত ভৰি দিয়া কৃষ্ণ ৰাম বৰুৱা আজিও স্বাভাৱিকভাৱে জীৱন-যাপন কৰি চলাই গৈছে গুৰুসেৱা।
বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত তুলসী ৰাম নামলগোৱাৰ মাজু পুত্ৰ কৃষ্ণৰাম বৰুৱাৰ ১৯৯৭ চনতে হঠাৎ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল৷ জীৱনৰ কঠিন বাস্তৱৰ লগত মোকাবিলা কৰি সেই বছৰতে মে’ মাহৰ ৩ তাৰিখে মুম্বাইৰ নানাৱতী হস্পিটেলতত এক জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল। অস্ত্ৰোপচাৰৰ অন্তত জীৱন ঘূৰাই পোৱা কৃষ্ণ ৰাম বৰুৱাৰ আয়ুস চিকিৎসকে মাত্ৰ দহ বছৰ নিৰ্ধাৰণ কৰিছিল আৰু সেই জটিল অস্ত্ৰোপচাৰতে মৃদুভাষী কৃষ্ণ ৰাম বৰুৱাই নিজৰ কন্ঠস্বৰ হেৰুৱাই পেলাইছিল। কিন্তু বাকৰূদ্ধ হৈয়ো দৃঢ়মনা বৰুৱাই সলনি নকৰিলে নিজৰ জীৱন শৈলী।