newsnextone.com | কামপুৰঃ দেওবাৰে সন্ধিয়া কামপুৰ কপিলী দলঙৰ সমীপত এক অঘটন সংঘটিত হয়। ৰাজপথৰ ওপৰতে এখন ইয়ন গাড়ী দাউ দাউকৈ জ্বলি উঠাত অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰে।

জানিব পৰা মতে, দিলীপ দাস নামৰ এজন লোকে কঠীয়াতলীৰ পৰা চৰাইহাগীৰ এজনৰ ঘৰলৈ আদ্য শ্ৰাদ্ধৰ বাবে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হোৱাত ব্যক্তিজনৰ লগতে বাহনখনৰ ভিতৰত থকা ৪ শিশুৰ কথমপি ৰক্ষা পৰে। 

জ্বলি শেষ হৈ যোৱা বাহন খনৰ নং এএছ০২-জে-৩৬৮০ বুলি জানিব পৰা গৈছে। বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷