ৰাষ্ট্ৰদ্ৰোহ, ১৭ চেপ্তেম্বৰত হাজিৰ হ’ব লাগিব আলফা জীতেন দত্ত

Home ৰাজ্যৰাষ্ট্ৰদ্ৰোহ, ১৭ চেপ্তেম্বৰত হাজিৰ হ’ব লাগিব আলফা জীতেন দত্ত

ৰাষ্ট্ৰদ্ৰোহ, ১৭ চেপ্তেম্বৰত হাজিৰ হ’ব লাগিব আলফা জীতেন দত্ত

by News Desk
51 views
A+A-
Reset

গুৱাহাটীঃ অখিল গগৈৰ সৈতে একেখন সভাত উপস্থিত থকা আলফা নেতা জীতেন দত্তক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে অসম আৰক্ষী। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কৃষক নেতা অখিল গগৈক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ থকাৰ সময়তে নগাঁও কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জন সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন আলফা নেতা জীতেন দত্তক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছে৷

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জাননী জাৰি কৰে প্ৰাক্তন আলফাগৰাকীক৷ মৰাণৰ বামুণবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাৱেশত অখিলৰ সৈতে উপস্থিত আছিল আলফানেতাগৰাকী৷ যোৱা মঙলবাৰে অনুষ্ঠিত সমাৱেশত অখিলে অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ সকলোকে আহ্বান জনাইছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0