কোকৰাঝাৰঃ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি কেবাজনো ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ইউপিপিএলৰ বৰ্তমানৰ সভাপতি তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ তুলি কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰজু কৰিছে জনৈক সুলেমান নাৰ্জাৰীয়ে। বড়ো ভাষাৰ স্থানীয় অনলাইন সংবাদ প্ৰতিষ্ঠান এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত ভাৰতত ৩০ হাজাৰ কৰ’নাত আক্ৰান্ত লোক থকা বুলি কোৱা বাবেই ইউপিপিএলৰ নেতাজনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে লোকজনে।
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ সুৰেন্দ্ৰপুৰ নিৱাসী সুলেমান নাৰ্জাৰীয়ে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ (গোচৰ নং ১৯২/২০২০)ত কোৱা হৈছে যে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে যোৱা ৫ এপ্ৰিলৰ দিনাখন বড়ো ভাষাৰ স্থানীয় অনলাইন সংবাদ প্ৰতিষ্ঠান এটাত ভাৰতত ৩০ হাজাৰ কৰ’না আক্ৰান্ত ৰোগী থকা বুলি ভুল তথ্য দিছিল আৰু সেয়া সংবাদ প্ৰতিষ্ঠানটোত অনলাইনযোগে প্ৰচাৰিত হৈছিল।