নগাঁওঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে কালি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰাৰ বাবে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ছাত্র-ছাত্রীৰ প্ৰতি অবাঞ্চিত বক্তব্য প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে৷ 

উল্লেখযোগ্য যে দত্ত ৰয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্ৰহনৰ মানৱাধৰকাৰ খৰ্ব কৰা,বিশ্ব বিদ্যালয় খনত অধ্যয়ন কৰা অসমীয়া ছাত্র-ছাত্রী সকলক ভাবুকি প্ৰদান কৰা, সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ অভিযোগ তুলি পৰিষদে আজি নগাঁও সদৰ থানাত দত্ত ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ পৰিষদে দত্ত ৰায়ক অনতি পলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইচে ৷