পাঞ্জাবাৰীঃ চোৰ ডকাইত নহয় বশিষ্ঠ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে প্ৰতিবন্ধীৰ বিৰুদ্ধে ৷ এজন দুজন নহয় ২৬ গৰাকী প্ৰতিবন্ধীৰ বিৰুদ্ধে গোচৰ বশিষ্ঠ আৰক্ষীৰ৷
২৬ মে’ত কেন্দ্ৰ-ৰাজ্য চৰকাৰে পালন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যৰ একাংশ প্ৰতিবন্ধীয়ে সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত ২১ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰিব বিচাৰিছিল৷ প্ৰতিবন্ধীসকলক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিয়াটো দূৰৈৰ কথা আৰক্ষী আৰু চিআৰপিএফে প্ৰতিবন্ধীসকলক বৰ্বৰ অত্যাচাৰহে কৰে। আৰক্ষীৰ এই আক্ৰমণত সহস্ৰাধিক প্ৰতিবন্ধী আহত হয়৷