গহপুৰঃ গহপুৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয় হ’ব কেছলেছ অথবা নগদহীন৷ এতিয়াৰ পৰা মহাবিদ্যালয় কৰ্ত্তপক্ষই সকলো লেন-দেন অনলাইন কৰিব৷
আজি গহপুৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বালিজান শাখাৰ উদ্যোগত ডিজিটেল ইণ্ডিয়াৰ এখনি সজাগতা সভা অনুষ্ঠিত হয় ছয়দুৱাৰ মহাবিদ্যালয়ত৷
সভাখনত মহাবিদ্যালয় কৰ্ত্তপক্ষৰ লগতে উপস্থিত থাকে বেংকৰ শাখাটোৰ পৰিচালক ৰোহিনী কুমাৰ বৰুৱা আৰু বিমান দাস। সভাতে ছয়দুৱাৰ মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰা কেছলেছ অনলাইন নাম ভৰ্তি কৰাৰ লগতে অন্যান্য লেন-দেন সমুহো কেছলেছ কৰাৰ সিদ্ধান্ত লয়৷
ছাত্র-ছাত্ৰী সকলক কেছলেছ লেন-দেন সম্পৰ্কে সজাগ কৰাৰ বাবে বেংক কৰ্ত্তপক্ষই ভাষণ আগবঢ়ায়। সভাখনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ বীমাৰ বিষয়েও ছাত্র-ছাত্ৰী সকলক অৱগত কৰে।