ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত ডেৰা ছচ্ছা ছৌদা প্ৰধান গুৰমিত ৰাম ৰহিম সিং ইনছান দোষী সাব্যস্ত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন স্থান৷ উত্তেজিত লোকসকলক শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷ আৰক্ষীৰ গুলীৰ লগতে আন হিংসাত্মক ঘটনাত এতিয়ালৈকে ৩০জনকৈ লোক নিহত হোৱাৰ বাতৰি পোৱা গৈছে৷ এনে হিংসাত্মক ঘটনাত আহত হৈছে অতি কমেও ২০০জনকৈ লোক।

শুকুৰবাৰে হাৰিয়ানাৰ পাঁচকুলাৰ বিশেষ চিবিআই আদালতে ডেৰা প্ৰধান ৰাম ৰহিমক দোষী সাব্যস্ত কৰে৷ এতিয়া অহা সোমবাৰে উক্ত গোচৰৰ দোষী সাব্যস্ত হোৱা ৰাম ৰহিমৰ শাস্তি ঘোষণা কৰিব চিবিআই আদালতে৷ শাস্তি ঘোষণা বাদেই, দোষী সাব্যস্ত হোৱাৰ পিছতে হাৰিয়ানা আৰু পঞ্জাৱৰ ভিন্ন স্থানত ব্যাপক হিংসাত্মক কাৰ্যত লিপ্ত হয় ডেৰা সমৰ্থকসকল৷ দিল্লীৰ নন্দ নগৰীতো ক্ষুব্ধ ডেৰা ভক্তসকলে কেবাখনো বাহনত অগ্নিসংযোগ কৰাৰ বাতৰি পোৱা গৈছে।

আদালতৰ ৰায় ঘোষণা কৰাৰ কেবাদিনো পূৰ্বৰে পৰা হাৰিয়ানা আৰু পঞ্জাৱত স্বয়ম্ভূ ঈশ্বৰগৰাকীৰ সমৰ্থনত লাখ লাখ ভক্ত একত্ৰিত হয়৷ পৰিস্থিতি দেখি হাৰিয়ানা চৰকাৰে আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৫৩ টাকৈ অৰ্ধসামৰিক বাহিনীৰ কোম্পানী আৰু ৫০ হাজাৰ আৰক্ষী মোতায়েন কৰে৷ সেনা-আৰক্ষী-চিআৰপিএফেৰে ভৰি পৰে ডেৰা প্ৰধানৰ আশ্ৰম৷ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ৰায় প্ৰদান কৰা পাঁচকুলাতো৷

অৱশেষত নিৰ্দিষ্ট দিনটোত পুৱা ৯ বজাত সোশৰীৰে আদালতত হাজিৰ হয় গুৰমিত ৰাম ৰহিম সিং৷ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিতকৈয়ো বিশাল ২০০ গাড়ীৰ কনভয়ৰে আদালতলৈ ৰাম ৰহিম আহি থকা অৱস্থাত পথৰ দুয়োকাষে ভিৰ কৰিছিল লক্ষ লক্ষ ভক্তই৷ ভক্তসকলৰ অধিকাংশই আৰক্ষীক বাধা দিয়াৰ চেষ্টা চলোৱাৰ লগতে আন একাংশই মাটিত বাগৰি বাগৰি কান্দি অজ্ঞান হৈ পৰে৷ পৰিস্থিতি বিষম দেখি কনভয়টো মাজপথতে ৰখাই দিয়ে আৰক্ষীয়ে৷ তাৰ পিছত কেৱল মাত্ৰ অভিযুক্ত স্বয়ম্ভূ গডমেন আৰু তেওঁৰ কেইজনমান বিশ্বস্ত সহযোগীক গাড়ীসহ প্ৰৱেশৰ অনুমতি দিয়ে৷

আনহাতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে পুৱাৰ ভাগতে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলো ব্যৱস্থা কৰি ৰখা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ ৰায় ঘোষণাৰ ২ ঘণ্টা পূৰ্বে ৰাম ৰহিমৰ ভক্তসকলৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিবলৈকো পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে৷

কিন্তু ইমানৰ পিছতো ৰায় ঘোষণা হোৱাৰ লগে লগে ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰে লাখ লাখ ডেৰা ভক্তই৷ উত্তেজিত ভক্তসকলে সংবাদ মাধ্যমৰ গাড়ীৰ ওপৰতো আক্ৰমণ চলায়৷ পঁচকুলাৰ একাধিক অঞ্চলত আৰক্ষীৰ সৈতেও খণ্ডযুদ্ধৰ সূত্ৰপাত হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছ প্ৰয়োগ কৰে৷ তাৰ পিছতো উত্তেজনা প্ৰশমিত নোহোৱাত কেবা ৰাউণ্ড গুলী শূন্যলৈ নিক্ষেপ কৰিবলৈ বাধ্য হৈ পৰে আৰক্ষী৷

উত্তেজিত লোকসকলে পঞ্জাৱৰ মালুট ৰেল ষ্টেশ্যন আৰু পেট্ৰল পাম্পত জয় ৰাম ৰহিম ধ্বনি দি অগ্নিসংযোগ কৰে ৷ অনুৰূপ ঘটনা সংঘটিত হয় বাটিণ্ডা চহৰতো৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাটিণ্ডা, মানছা আৰু ফিৰোজপুৰত সান্ধ্য আইন জাৰি কৰা হয়৷ ইফালে আইন শৃংখলা বজাই ৰাখিবলৈ টুইটযোগে সকলোকে আহ্বান জনাইছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷

উল্লেখ্য যে ২০০২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীলৈ পৰিচয় গোপনে ৰাখিবলৈ অনুৰোধ জনাই এখন চিঠি লিখিছিল ৰাম ৰহিম সিঙৰ আশ্ৰমৰ এগৰাকী মহিলাই৷ মহিলাগৰাকীয়ে ডেৰা প্ৰধানৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ কেৱল সেয়াই নহয়, ডেৰা প্ৰধানগৰাকীয়ে আশ্ৰমৰ আৰু কেবাগৰাকী মহিলাক ধৰ্ষণ কৰা বুলি চিঠিত অভিযোগ উত্থাপন কৰিছিল৷ উক্ত অভিযোগৰ ভিত্তিতে বিষয়টোৱে আদালত আৰু চিবিআইৰ মজিয়া পাইগৈ৷ এনেকৈয়ে সুদীৰ্ঘ সময়ৰ বিচাৰৰ অন্তত শুকুৰবাৰে দোষী সাব্যস্ত হয় স্বয়ম্ভূ ঈশ্বৰ৷