ডিজিটেল ডেস্কঃ চেন্ট্ৰেল ব’ৰ্ড অব চেকেণ্ডাৰী এডুকেশ্যনে আজি ঘোষণা কৰে দ্বাদশ শ্ৰেণীৰ ফলাফল৷ পুৱা ১০ বাজি ৪৫ মিনিটত ঘোষণা হয় ফলাফল৷ প্ৰায় ১১ লাখ পৰীক্ষাৰ্থীয়ে এই বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল৷
কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী প্ৰকাশ জাবেদকাৰে দ্বাদশ শ্ৰেণীৰ কলা, বিজ্ঞান আৰু বাণিজ্যত শীৰ্ষ স্থান অধিকাৰ কৰা ৩ পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে৷ ৯ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ এই পৰীক্ষা অনুষ্ঠিত হৈছিল৷ মডাৰেশ্যন পদ্ধতিৰে চিবিএছইয়ে এই ফলাফল ঘোষণা কৰে৷