ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত যাত্ৰীবাহী ৰেলত যাত্ৰীৰ ধন লুটি নিয়া, মহিলা-যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ গোমাংস ৰে’লত নিয়া বুলি সন্দেহ কৰি এটি বিশেষ জনগোষ্ঠীৰ লোকক ৰেলৰ ভিতৰতে আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ তাৰ মাজতে, যাত্ৰীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বিশেষ পদক্ষেপ৷
যাত্ৰীয়ে ৰেল যাত্ৰাত যাতে ভয়-আশংকা কৰিব লগা নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে চিন্তা কৰিছে চৰকাৰে। ৰে’লত যাত্ৰা কৰাৰ অৱস্থাত অসুৰক্ষিত অনুভৱ কৰাৰ প্ৰতি লক্ষ্য কৰি চিচিটিভি কেমেৰা স্থাপন কৰিব চৰকাৰে৷ চিচিটিভিত ২৪ ঘন্টাই একোখন ৰেলৰ সকলো ডবাই নিৰীক্ষণ কৰি থাকিব ৰে’ল কৰ্তৃপক্ষই।